এয়াই উন্নয়নৰ নমুনা ! শিক্ষা গ্ৰহণৰ বাবে জৰাজীৰ্ণ বাঁহৰ দলঙেৰে মৰণ শৰণ দি দৈনিক বিদ্যালয়লৈ অহা-যোৱা কৰে কণ কণ ছাত্ৰ-ছাত্ৰী। দৃশ্যটো কামৰূপৰ বকো শিক্ষা খণ্ডৰ অন্তৰ্গত ‘শাখাতি হাইস্কুল’ আৰু ‘শাখাতি এম. ই. স্কুলৰ’। বিদ্যালয়ৰ ভিতৰত থকা এখন জৰাজীৰ্ণ ভঙা দলঙৰ বাবে যাতায়তৰ ক্ষেত্ৰত যমৰ যান্ত্ৰণা ভুগি আহিছে এইসকল ছাত্ৰ-ছাত্ৰীয়ে। স্কুল দুখনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিদ্যালয় দুখনৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে বছৰ বছৰ ধৰি এই দলঙেৰে দৈনিক বিপদসংকুলভাৱে পাৰাপাৰ হৈ আহিছে । আনকি বাৰিষা পথটো পানীৰে ভৰি পৰাত যাতায়াত ব্যাহত হৈ পৰে ৷ দীৰ্ঘদিন ধৰি এই সমস্যা প্ৰতি কোনো জনপ্ৰতিনিধিয়েই আজিকোপতি গুৰুত্ব প্ৰদান নকৰিলে। অঞ্চলটোৰ একমাত্ৰ শিক্ষানুষ্ঠানখনৰ লগতে ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা হিচাপে চিহ্নিত হোৱা এই দলঙখনৰ নিৰ্মাণৰ বাবে স্থানীয় বিধায়িকা নন্দিতা দাসক কেইবাবাৰো আৱেদন জনাইছিল । আনফালে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য টংকেশ্বৰ ৰাভাক ৰাইজে আৱেদন-নিবেদন কৰিছিল যদিও আজিকোপতি কোনো গুৰুত্ব প্ৰদান নকৰিলে। বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ বাবেও দুশ্চিন্তাত সময় পাৰ কৰিব লাগে অভিভাৱকসকলে।