টুইটাৰক ৫০ লাখ টকাৰ জৰিমনা । কেন্দ্ৰৰ বিৰুদ্ধে টুইটাৰৰ গোচৰ খাৰিজ । ISHAN NEWS …

ভাৰত চৰকাৰৰ বিৰুদ্ধে গোচৰ তৰি আদালতত মুখ থেকেচা খালে টুইটাৰে । টুইটাৰে কেন্দ্ৰৰ বিৰুদ্ধে তৰা গোচৰ আদালতে খাৰিজ কৰি টুইটাৰক ৫০ লাখ টকাৰ জৰিমনা আদায় দিবলৈ শুকুৰবাৰে নিৰ্দ্দেশ দিয়ে। ৪৫ দিনৰ ভিতৰত কৰ্ণাটক ৰাজ্যিক আইন সেৱা প্রাধিকৰণত এই ধনৰাশি জমা দিবলৈ টুইটাৰক নিৰ্দেশ দিয়ে আদালতে।

টুইটাৰক কেন্দ্ৰীয় চৰকাৰে কেইবাটাও টুইট আৰু একাউণ্ট আঁতৰাবলৈ নিৰ্দেশ দিছিল। ভাৰত চৰকাৰৰ সেই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই টুইটাৰ কাষ চাপিছিল কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ। শুকুৰবাৰে টুইটাৰৰ এই আবেদন খাৰিজ কৰে আদালতে। যোৱা বছৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে টুইটাৰক কেইবাটাও টুইট আৰু একাউণ্ট ব্লক কৰিবলৈ নিৰ্দ্দেশ দিয়ে। ইয়াৰ পাছতেই টুইটাৰ কৰ্তৃপক্ষ আগবাঢ়িছিল কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ। টুইটাৰে এই সন্দৰ্ভত উল্লেখ কৰিছিল ভাৰত চৰকাৰৰ এই নিৰ্দেশনাই মানুহৰ বাক আৰু মত প্রকাশৰ স্বাধীনতা হস্তক্ষেপ কৰিব।


উল্লেখযোগ্য যে যোৱা এপ্ৰিল মাহত কৰ্ণাটক উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক টুইটাৰ একাউণ্ট স্থগিত ৰখাৰ নিৰ্দেশ দিয়াৰ কাৰণৰ কিয় ব্যাখ্যা দিয়া নহ’ল বুলি প্ৰশ্ন উত্থাপন কৰিছিল । পাছত আদালতে এই নিৰ্দেশ পৰ্যবেক্ষণ কৰি তথ্য প্ৰযুক্তি আইনৰ ৬৯ ক ধাৰাৰ অধীনত এই নিৰ্দেশ দিয়াৰ কথা উল্লেখ কৰে। যোৱা বছৰৰ জুন মাহত কেন্দ্ৰীয় চৰকাৰে টুইটাৰলৈ প্ৰেৰণ কৰা জাননীত ৪ জুলাইৰ ভিতৰত এই নিৰ্দেশ মানি চলিবলৈ নিৰ্দেশ দিছিল। যদি টুইটাৰে এই নিৰ্দেশ মানি নচলে তেতিয়া আইনী সুৰক্ষা হেৰুৱাব বুলিও জাননী খনত উল্লেখ কৰিছিল । কেন্দ্ৰৰ এই নিৰ্দেশক প্ৰত্যাহ্বান জনায় আদালতৰ কাষ চাপিছিল টুইটাৰ।

টুইটাৰৰ এই গোচৰৰ প্রতি সঁহাৰি জনায় কেন্দ্ৰই উল্লেখ কৰে, টুইটাৰ এটা বিদেশী কোম্পানী। বিদেশী কোম্পানীয়ে মৌলিক অধিকাৰ দাবী কৰিব নোৱাৰে। এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয়:- আমাৰ স্থিতি আদালতে আলোকপাত কৰিছে । সকলোৱে দেশৰ এই ৰায় মানি চলিব লাগিব।

Comments (0)
Add Comment