বিগত কিছুদিন ধৰি চলি আছে চেঙাত গৰু ছাগলী চুৰি কাৰ্য ৷
আজি ৰাতি পুৱা উদ্ধাৰ হ’ল মুৰ কটা অবস্থাত এটা ছাগলী ৷
ছাগলীৰ মালিক মনোৰঞ্জন ডেকাই ধৰা পেলালে ছাগলী চোৰ দুজনক ৷
ইতিমধ্যে স্হীকাৰ কৰিছে ছাগলীটো চোৰ কৰাৰ কথা ৷
ধৰা পৰা চোৰ দুজন হ’ল- প্ৰাঞ্জল তালুকদাৰ (20) পিতা -৺উদয় তালুকদাৰ , চেঙা , বিকাশ তালুকদাৰ(20) পিতা- নাইলা তালুকদাৰ,চেঙা।
ধৰা পৰা চোৰ দুজনে মুল চোৰজনৰ এজন থকা বুলি উল্লেখ কৰে ৷ তৃতীয় চোৰ জন হ’ল হৰেকৃষ্ণ ডেকা(40) পিতা- ৺পবন ডেকা ৷ চেঙা ৷
উদ্ধাৰ হোৱা ছাগলীটোৰ মুৰটো হৰেকৃষ্ণ ডেকাই কটা বুলি উল্লেখ কৰে ৷
ছাগলীৰ গৃহস্থই প্ৰশাসনক খবৰ দিয়াত তাৰাবৰী আৰক্ষীয়ে লৈ যায় চোৰ দুজনক মনোৰঞ্জন ডেকাৰ ঘৰৰ পৰা ৷ চেঙাত সঘনাই হৈ আছে গৰু, ছাগলী চুৰি কাৰ্য।