বালিপৰাত সদৌ অসম মিস্ত্ৰী আৰু শ্ৰমিক সন্থাৰ সংবাদমেল।

অসমৰ পঞ্জীয়নভুক্ত শ্ৰমিক সকলক চৰকাৰে প্ৰতাৰণা কৰিছে। শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণ যদি খাটি খোৱা শ্ৰমিকৰ সন্তান হয় তেন্তে শ্ৰম বিভাগত তদন্ত কৰক কিয় আজি ৩ বছৰ ধৰি শ্ৰমিক সকলে প্ৰাপ্য ধন পোৱা নাই এই মন্তৱ্য কৰে সদৌ অসম মিস্ত্ৰী আৰু শ্ৰমিক সন্থাই। বালিপৰাত সংবাদমেল যোগে সন্থাৰ বিষয়ববীয়া সকলে কয় ২০২১ ৰ পৰা ২০২৩ চনলৈকে ৩ বছৰ অৱসৰ লোৱা শ্ৰমিক সকলক পেঞ্চন, শ্ৰমিকৰ ছাত্ৰছাত্ৰীক স্কলাৰশ্বিপ, শ্ৰমিকৰ দুৰ্ঘটনাত মৃত্যু হ’লে দুইলাখ আদি বিভিন্ন শিতানৰ ধন তিনিটা বছৰ ধৰি মোকলাই নিদিয়াত ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম মিস্ত্ৰী আৰু শ্ৰমিক সন্থাই।

তেওঁলোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় কয় যে যাক প্ৰয়োজন নাই তেওঁলোকক যাচি টকা দিছে যাৰ বহুত প্ৰয়োজন তেওঁলোকক এটকাও দিয়া নাই। এই  মূল্যবৃদ্ধি তথা বানপানীৰ এই সময়খিনিত শ্ৰমিকসকলৰ ধনৰাশি মোকলাই দিবলৈ আহ্বান জনাইছে। অন্যথা অহা নিৰ্বাচনৰ সময়ত উচিত প্ৰত্যুত্তৰ দিয়া হব বুলি হুংকাৰ দিয়ে সদৌ অসম মিস্ত্ৰী আৰু শ্ৰমিক সন্থাই।

Comments (0)
Add Comment