দিল্লীৰ আদালত চৌহদত দিনদুপৰতে অধিবক্তাৰ গুলীচালনা

বুধবাৰে দুপৰীয়া দিল্লীৰ তিছ হাজাৰী আদালত চৌহদত সংঘটিত হয় গুলীচালনাৰ । অধিবক্তাৰ মাজত তৰ্ক আৰু কাজিয়াৰ পৰিণতিতে সংঘটিত হয় এই গুলীচালনাৰ ঘটনা । অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। ঘটনাটো সংঘটিত হোৱা সময়ৰ এটা ভিডিঅ’ও শেহতীয়াকৈ পোহৰলৈ আহিছে, য’ত দেখা গৈছে কেইবাজনো লোকে শূন্যলৈ গুলী চালনা কৰিছে। আৰু এই ঘটনাৰ পাছত দিল্লীৰ তিছ হাজাৰী আদালত চৌহদত মোতায়েন কৰিছে আৰক্ষী ।

ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে বুধবাৰে দুপৰীয়া প্ৰায় ১.৩৫ বজাত চাবজি মাণ্ডি আৰক্ষী থানা এলেকাত গুলীচালনাৰ ঘটনাৰ বিষয়ে তথ্য লাভ কৰে আৰক্ষীয়ে ।

যেতিয়া আৰক্ষীৰ দলটো ঘটনাস্থলীত উপস্থিত হৈছিল, তেতিয়া অধিবক্তাৰ দুটা গোটে শূন্যলৈ গুলী চালনা কৰিছিল। তিছ হাজাৰী আদালত চৌহদত সংঘটিত এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। বৰ্তমান পৰিস্থিতি স্বাভাৱিক আৰু ঘটনা সন্দৰ্ভত আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে আৰক্ষীয়ে ।

Comments (0)
Add Comment