দিল্লী পালেগৈ মহাৰাষ্ট্ৰৰ দুই পাৱাৰৰ যুদ্ধ।

মহাৰাষ্ট্ৰত উদ্ভৱ হোৱা দুই পাৱাৰৰ যুদ্ধ পালেগৈ দিল্লী। NCP দলৰ নাম আৰু প্ৰতীকক কেন্দ্ৰ কৰি শাৰদ পাৱাৰ আৰু অজিত পাৱাৰক লৈ সৃষ্টি হোৱা সংঘাত পালেগৈ নিৰ্বাচন আয়োগ। নতুনকৈ উপ-মুখ্যমন্ত্ৰীৰ পদ লাভ কৰা অজিত পাৱাৰৰ নেতৃত্বাধীন NCPৰ এটা ফৈদে আজি আয়োজিত গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত নিৰ্বাচন আয়োগৰ কাষলৈ কেনেকৈ যাব পাৰি সেই সন্দৰ্ভত আলোচনা কৰিছে । ইফালে শাৰদ পাৱাৰৰ নেতৃত্বাধীন NCP য়ে এই সন্দৰ্ভত নিৰ্বাচন আয়োগক সতৰ্কবাণী দিছে।

ইফালে NCPত বিদ্ৰোহৰ পাছত আজি মহাৰাষ্ট্ৰত দুই পাৱাৰৰ কোনজনৰ শক্তি বেছি সেইটো প্ৰতিপন্ন কৰিবলৈ দুয়োজন নেতাই দুখন পৃথক সভাৰ আয়োজন কৰিছে । মহাৰাষ্ট্ৰত উপ-মুখ্যমন্ত্ৰীৰ গাদী দখল কৰা অজিত পাৱাৰে বুধবাৰে পুৱা ১১ বজাত এখন বৈঠকৰ আহ্বান কৰিছে । আনহাতে, অজিত পাৱাৰৰ খুড়াক শাৰদ পাৱাৰেও আন এখন বৈঠকৰ আহ্বান কৰিছে । শাৰদ পাৱাৰৰ নেতৃত্বাধীন এন চি পি য়ে বুধবাৰৰ বৈঠকত সকলো উপস্থিত থাকিবলৈ হুইপ জাৰি কৰিছে । ইফালে অজিত পাৱাৰৰ নৱনিযুক্ত প্ৰধান অনিল পাটিলেও হুইপ জাৰি কৰিছে । ইফালে মহাৰাষ্ট্ৰৰ বিৰোধী দলৰ তথা NCP ৰ নেতা জিতেন্দ্ৰ আৱাদেও হুইপ জাৰি কৰি অজিত পাৱাৰে আহ্বান জনোৱা বৈঠকত সকলোকে উপস্থিত থাকিবলৈ কয় ।এনচিপিত উদ্ভৱ হোৱা সংঘাতৰ প্ৰতি লক্ষ্য ৰাখি অনুমতি অবিহনে ফটো তোলাৰ ক্ষেত্ৰটো বাধা আৰোপ কৰিছে ।

উল্লেখযোগ্য যে বুধবাৰে আয়োজন কৰা এই বৈঠকত NCৰ ৫৩ জন বিধায়কৰ ভিতৰত অজি ত পাৱাৰে ৪০জন বিধায়কৰ সমৰ্থন লাভ কৰিব বুলি সদৰী কৰিছে । ইফালে শাৰদ পাৱাৰেও নিজৰ সমৰ্থনত বিধায়ক বৈঠকত উপস্থিত থাকিব বুলি উল্লেখ কৰিছে ।

Comments (0)
Add Comment