আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহ হোৱাইট হাউছৰ পৰা বগা পাউডাৰ আৰু নিচাযুক্ত দ্ৰব্য কোকেইন উদ্ধাৰ হোৱা ঘটনাই ব্যাপক চৰ্চা লাভ কৰিছে সংবাদ মাধ্যমত। আমেৰিকাৰ পৰা প্ৰকাশিত সংবাদ পত্ৰ ৱাশ্বিংটন পোষ্টত এই সন্দৰ্ভত প্ৰকাশিত হৈছে বিতং বাতৰি । সংবাদপত্ৰ খনত প্ৰকাশিত তথ্যমতে হোৱাইট হাউছত সংঘটিত এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে চিক্ৰেট ছাৰ্ভিছ টিম।
যোৱা দেওবাৰ অৰ্থাৎ দুই জুলাইত হোৱাইট হাউছৰ গ্ৰন্থাগাৰৰ পৰা উদ্ধাৰ হৈছিল এই নিচাযুক্ত দ্ৰব্যখিনি । ইয়াৰ পাছতেই হোৱাইট হাউছৰ গ্ৰন্থাগাৰ খালি কৰা হৈছিল। সোমবাৰে তদন্তৰ পাছত পোহৰলৈ আহিছিল হোৱাইট হাউছৰ গ্ৰন্থাগাৰৰ পৰা উদ্ধাৰ হোৱা বগা পাউদাৰ খিনি আছিল নিচাযুক্ত কোকেইন পাউদাৰ।
ৱাশ্বিংটন পোষ্টত চিক্ৰেট চাৰ্ভিছৰ মুখপাত্ৰ এন্থনী গ্লেমীয়ে কয় যে , উদ্ধাৰ হোৱা পাউদাৰ খিনিৰ আৰু কেইটামান পৰীক্ষাৰ প্রয়োজন আছে। ইয়াৰ পাছতহে আমি গম পাম সেয়া কোকেইন নে আন কিবা ।
এই ঘটনা সংঘটিত হোৱাৰ সময়ত মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন হোৱাইট হাউছত উপস্থিত নাছিল। হোৱাইট হাউছত উদ্ধাৰ হোৱা এই পাউদাৰ খিনিক লৈ এতিয়া সৃষ্টি হৈছে ডাঙৰ প্ৰশ্ন??? কোনে কৰ পৰা কিয় এই পাউদাৰ হোৱাইট হাউছৰ গ্ৰন্থাগাৰলৈ আনিলে তাক লৈ সৃষ্টি হৈছে ৰহস্য ।
ৰাষ্ট্ৰপতি জো বাইডেনৰ জ্যেষ্ঠ পুত্ৰ হণ্টাৰলৈ আঙুলি টোৱাইছে বিভিন্ন জনে । হাণ্টাৰৰ বিৰুদ্ধে উত্থাপন হৈছে নিষিদ্ধ ড্ৰাগছ লোৱাৰ অভিযোগ। এই সন্দৰ্ভত ভাইৰেল হৈছে কেইবাখনো ফটো আৰু টেক্সট মেছেজ।