১৪ জুলাইত জোনবাই অভিমুখে উৰা মাৰিব চন্দ্ৰযান ৩ ।

১৪ জুলাইত জোনবাই অভিমুখে উৰা মাৰিব চন্দ্ৰযান ৩ । বৃহস্পতিবাৰে ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইছৰোৱে সদৰী কৰে এই কথা । ১৪ জুলাই দুপৰীয়া ২ঃ৩৫ বজাত জোনবাই অভিমুখে উৰা মাৰিব পৰাকৈ ইছৰোৱে সাজু কৰি তুলিছে চন্দ্ৰযান ৩ ক। শ্রী হৰিকোট্ৰাৰ পৰা জোনবাই অভিমুখে উৰা মাৰিব চন্দ্ৰযান ৩ ।


ইয়াৰ পূৰ্বে ৫ জুলাইত ইছৰোৱে চন্দ্ৰযান ৩ ৰ প্ৰস্তুতি সন্দৰ্ভত এটি ভিডিঅ’ মুকলি কৰিছিল । সেইটো ভিডিঅ’ ত দেখিবলৈ পোৱা গৈছিল শ্ৰীহৰিকোট্ৰাৰ সতীশ ধৱন অন্তৰীক্ষ কেন্দ্ৰত চন্দ্ৰযান ৩ ৰ ইনকেপচুলেটেড এচেম্বলীক LVM ৰ সৈতে সংযোজন কৰাৰ দৃশ্য। ভাৰতৰ বাবে এই অভিযান অতিকৈ গুৰুত্বপূৰ্ণ। যদি ভাৰতৰ এই অভিযান সফল হয় তেতিয়াহলে আমেৰিকা , ৰাছিয়া আৰু চীনৰ পাছত জোনবাই দেশলৈ যাত্রা কৰা ভাৰত হব বিশ্বৰ চতুৰ্থখন দেশ ।

২০১৯ চনত ভাৰতে জোনবাইৰ বুকুত প্রথম বাৰৰ বাবে ৰ’ভাৰ অৱতৰণৰ চেষ্টা চলাইছিল ।ভাৰতৰ বিজ্ঞানী সকলে ২০১৯ চনত চলোৱা সেই অভিযান বিফল হৈছিল যদিও সেই অভিযানে আত্মবিশ্বাসী কৰি তুলিছিল ভাৰতৰ বিজ্ঞানী সকলক ।

চন্দ্ৰযানত ৩ আছে তিনিটা বিশেষ ব্যৱস্থা বা মডিউল । চন্দ্ৰযান ৩ ৰ এই অভিযানত ভাৰত সফল হলে জোনবাইৰ বুকুৰ পৰা জোনবাইৰ বহুবোৰ নতুন তথ্য উদ্ধাৰ কৰি আনিবলৈ সক্ষম হব । GSLV Mk – III ৰ জড়িয়তে জোনবাই অভিমুখে উৎক্ষেপন কৰিব চন্দ্ৰযান ৩ক
এতিয়া প্রতিগৰাকী ভাৰতীয়ই আশাৰে বাট চাইছে ১৪ জুলাইৰ সেই বিশেষ ক্ষণটোলৈ ।

Comments (0)
Add Comment