তৃণমূল কংগ্ৰেছে প্রকাশ কৰা ৰাজ্যসভা নিৰ্বাচনৰ শেহতীয়া প্রাৰ্থীৰ তালিকাত নাম নাই ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱৰ ।
সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী সুস্মিতা দেৱে ২০২১ চনত কংগ্ৰেছৰ পৰা পদত্যাগ কৰি পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ দল তৃণমুল কংগ্ৰেছত যোগদান কৰে । সেই বৰ্ষতে পশ্চিম বংগৰ পৰা বিনা প্রতিদ্বন্দিতাৰে ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয় সুস্মিতা দেৱ ।
শিলচৰৰ প্রাক্তন সাংসদ সুস্মিতা দেৱে তৃণমুল কংগ্ৰেছত যোগদান কৰাৰ পাছতেই পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে সুস্মিতাক মনোনীত কৰিছিল ৰাজ্যসভালৈ । সেইগৰাকী সুস্মিতাৰেই এইবাৰ নাম নুঠিল মমতা বেনাৰ্জীয়ে শেহতীয়াকৈ প্রকাশ কৰা ৰাজ্যসভাৰ প্রাৰ্থীৰ তালিকাত । আনহাতে মমতা বেনাৰ্জীয়ে প্রকাশ কৰা ৰাজ্যসভাৰ প্রাৰ্থীৰ তালিকাত স্থান লাভ কৰিলে-
১) ডেৰেক অ’ব্ৰাইন
২) দোলা সেন
৩) সুখেন্দু শেখৰ ৰায়
৪) প্রকাশ সিক বাৰাইক
৫) ছমিৰুল ইছলাম
৬) ছাকেট গোখলে
উল্লেখযোগ্য যে, অহা ২৪ জুলাইত গুজৰাট, গোৱা আৰু পশ্চিমবংগৰ ১০ খন আসনৰ বাবে ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হব।মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ১৩ জুলাই আৰু মনোনয়ন প্রত্যাহাৰৰ অন্তিম তাৰিখ ১৭ জুলাই ।