কমলপুৰ সমষ্টিৰ অন্তৰ্গত ঔতলা গাঁৱৰ ৰিংকু শৰ্মাৰ বিগত এবছৰ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ বৰ্তমান শয্যাগত। একমাত্র দিন হাজিৰা কৰি পৰিয়ালটোৰ ভৰণ-পোষণৰ দ্বায়িত্ব পালন কৰি অহা ৰিংকু শৰ্মা শয্যাগত হ’বলগীয়া হোৱাত পৰিয়ালটিলৈ নামি আহিছে ঘোৰ অমানিশা।
বিশেষভাৱে সক্ষম একমাত্ৰ পুত্ৰ সন্তান আৰু পত্নীয়ে ৰিংকু শৰ্মাৰ চিকিৎসাৰ বাবে ঘৰৰখনৰ সমস্ত বস্তু বিক্ৰী কৰি এতিয়া সৰ্বসান্ত হৈ পৰিছে। ওচৰ চুবুৰীয়া আৰু গাঁওবাসী ৰাইজে এই দুৰ্ভগীয়া পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াই আহিছে যদিও সেয়া পৰ্যাপ্ত নহয়।
এতিয়া এই দুৰ্ভগীয়া পৰিয়ালটোক লাগে কোনো সুহৃদয়বান লোকৰ আশীৰ্বাদ। এই লৈ আজি ঔতলা গাঁৱৰ স্থানীয় ৰাইজ তথা ৰিংকু শৰ্মাৰ পত্নীয়ে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ অনুৰোধ কৰিছে যে জটিল ৰোগত আক্ৰান্ত ৰিংকু শৰ্মাৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰি পৰিয়ালটোক উদ্ধাৰ কৰে যেন।
A /C =36827599983
IFSC= SBIN0011614
Contact=98648 10867