বিশিষ্ট কবি-সাহিত্যিক পুলকানন্দ কৌশিকৰ বিয়োগত নগাঁৱৰ বৌদ্ধিক মহলত শোকৰ ছাঁ।
কবি, নিবন্ধকাৰৰ লগতে নগাঁৱৰ সাংস্কৃতিক জগতলৈ অনবদ্য অৱদান আগবঢ়াইছিল কৌশিকে। দীৰ্ঘদিন ধৰি শাৰিৰীক অসুস্থতাৰ বাবে গুৱাহাটীত চিকিৎসাধীন হৈ আছিল পুলকানন্দ কৌশিক। ৪৯বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে পুলকানন্দ কৌশিকে। তেখেতৰ বিয়োগত নগাঁও প্ৰেছ ক্লাৱ, নেডমা, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বিধায়ক ৰূপক শৰ্মা আৰু প্ৰাক্তন বিধায়ক গিৰিন্দ্ৰ কুমাৰ বৰুৱাৰ শোক প্ৰকাশ ।