আইচিচিৰ মাষ্টাৰষ্ট্ৰোক! 2023 ৰ ক্রিকেট বিশ্বকাপৰ ব্ৰেণ্ড এম্বেছাডৰ শ্বাহৰুখ খান ।

২০২৩ বৰ্ষটো শ্বাহৰুখ খানৰ কেৰিয়াৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বছৰ হিচাপে বিবেচিত হৈছে। এইবাৰ চিনেমাৰ জৰিয়তে নহয় এইবাৰ ক্রিকেটৰ জৰিয়তে সাঙোৰ খাই পৰিছে শ্বাহৰুখ খানৰ নাম । এই বৰ্ষৰ প্ৰথমে, তেওঁ চিনেমা জগতত ধুমুহাৰ দৰে আগুৱাই যায় । চলচ্চিত্ৰ পাঠানৰ জৰিয়তে প্রত্যাৱৰ্তন কৰি পুৰণি অভিলেখ ভংগ কৰি গঢ়িছিল নতুন অভিলেখ । শেহতীয়াকৈ শ্বাহৰুখ নাম জৰিত হৈ পৰিছে ক্রীড়াজগতৰ সৈতে । আইচিচিৰ পুৰুষ বিশ্বকাপ ২০২৩ৰ ট্ৰফীৰ সৈতে শেহতীয়াকৈ শ্বাহৰুখ খানৰ এখন ফটো ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। আইচিচি ৰ টুইটাৰ হেণ্ডেলত আছিল এই বিশেষ ফটোখন । শেহতীয়া খবৰ অনুসৰি শ্বাহৰুখ খানে এই বছৰ হবলগীয়া পুৰুষ বিশ্বকাপৰ ব্ৰেণ্ড এম্বেচেডৰৰ দায়িত্ব লাভ কৰিছে । অৰ্থাৎ এইবাৰ ভাৰতত হ’বলগীয়া বিশ্বকাপৰ প্রধান মুখ হব শ্বাহৰুখ খান ।

আইচিচিয়ে শ্বাহৰুখৰ সৈতে ইতিমধ্যে বিশ্বকাপৰ এটা প্ৰমোৰ দৃশ্যগ্ৰহণত অংশ গ্ৰহণ কৰিছিল। এই ভিডিঅ’টোত ক্ৰিকেট জগতৰ জণ্টি ৰ’ডছ আৰু মুৰলীধৰণৰ দৰে কিংবদন্তি ক্রিকেটাৰচ সকলকো দেখিবলৈ পোৱা গৈছে। ইয়াৰ উপৰিও প্রমোটোত ভুমুকি মাৰিছে শুভমান গিল আৰু দিনেশ কাৰ্তিকে ।দুই মিনিট ১৩ ছেকেণ্ডৰ প্ৰ’ম’তোৰ ধাৰাভাষ্যকাৰ ভূমিকাও পালন কৰিছে শ্বাহৰুখখানে ।
শ্বাহৰুখে এই সন্দৰ্ভত উল্লেখ কৰে, “আমি যি কল্পনা কৰিছিলো, যি সপোন দেখিছিলো, সেই দিনটো এদিন আহিব।”

ক্রিকেট ভালপোৱা দৰ্শকৰ বাবে ভাল খবৰ ৫০ অভাৰৰ বিশ্বকাপ অহা ৫ অক্টোবৰৰ পৰা ১৯ নৱেম্বৰলৈ চলিব। বিশ্বকাপৰ ৱাৰ্ম-আপ মেচবোৰ ২৯ ছেপ্টেম্বৰৰ পৰা ৩ অক্টোবৰলৈ অনুষ্ঠিত হ’ব। বিশ্বকাপৰ প্ৰথমখন আনুষ্ঠানিক খেল ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব। এই দুয়োটা দল মুখামুখি হৈছিল ২০১৯ ৰ বিশ্বকাপৰ চূড়ান্ত খেলত । ভাৰত আৰু পাকিস্তানৰ মাজতো এইবাৰ হব ৰক্তপাত বিহীন তুমুল সংঘৰ্ষ । এই দুই পুৰণি প্ৰতিদ্বন্দী অহা ১৫ অক্টোবৰত আহমেদাবাদত মুখামুখি হ’ব।

Comments (0)
Add Comment