ৰাহুলে ভাষণৰ মাজতে সদনত ‘ফ্লাইং কিছ’ দিছিল। লোকসভাৰ অধ্যক্ষক অভিযোগ পত্র দাখিল ।

সংসদত মোডী চৰকাৰৰ বিৰুদ্ধে অনা অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত সদনত চলি থকা বিতৰ্কৰ আজি দ্বিতীয়টো দিন। বিতৰ্কত অংশগ্ৰহণ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি তীব্ৰ সমালোচনা কৰে বিজেপি চৰকাৰক । ভাষণত কংগেছৰ নেতা ৰাহুল গান্ধীয়ে মণিপুৰ প্রসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মোডী নেতৃত্বাধীন চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে । কিন্তু এই বিতৰ্কৰ মাজতে, তেওঁৰ এটা কাৰ্যক লৈ আৰম্ভ হৈছিল বিতৰ্ক । ৰাহুলৰ ভাষণৰ পিছত, কেন্দ্ৰীয় মন্ত্রী স্মৃতি ইৰাণীয়ে চৰকাৰৰ হৈ সন্মুখৰ দায়িত্ব গ্ৰহণ কৰিছিল। ৰাহুল গান্ধীয়ে ভাষণৰ মাজতে কেন্দ্ৰীয় মন্ত্রী স্মৃতি ইৰাণীয়ে কয় যে , ৰাহুল গান্ধীয়ে সদনত অশালীন আচৰণ কৰিছে। ৰাহুল গান্ধীয়ে ভাষণৰ মাজতে সদনত এটা ফ্লাইং কিছ দিছিল, ৰাহুল গান্ধীয়ে জানে যে ইয়াত মহিলা সাংসদসকল সদনত বহি আছে। 

ৰাহুল গান্ধীৰ আচৰণৰ আপত্তি জনাই কেন্দ্ৰীয় মন্ত্রী স্মৃতি ইৰাণীয়ে কয়, মই এটা বিষয়ক লৈ আপত্তি কৰিছো। কেনেধৰণৰ এগৰাকী ব্যক্তিৰ সন্মুখত আজি মোক এটা বিবৃতি দিয়াৰ অধিকাৰ দিয়া হৈছিল। সেইগৰাকী ব্যক্তি আঁতৰি যোৱাৰ সময়ত অশালীন আচৰণ কৰিছিল। কেৱল এগৰাকী মহিলা বিৰোধী ব্যক্তিয়েহে সংসদত ফ্লাইং কিছ দিব পাৰে ।যেতিয়া সংসদত মহিলা সদস্য আসনত থাকে। সেইখন দেশৰ সদনত এনে অসন্মানীয় আচৰণ কেতিয়াও দেখা পোৱা নাই। এইবোৰ কেনে পৰিয়ালৰ আচৰণ, আজি সদনৰ জৰিয়তে সমগ্ৰ দেশে দেখিলে।
কেন্দ্ৰীয় কৃষি ৰাজ্যিক মন্ত্ৰী শোভা কাৰান্দলাজেও ফ্লাইং কিছক লৈ কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক লক্ষ্য কৰি লৈছিল। ৰাহুল গান্ধীৰ আচৰণক কেন্দ্ৰীয় মন্ত্রী শোভা কাৰান্দালাজেও অনুপযুক্ত বুলি অভিহিত কৰে আৰু এই সন্দৰ্ভত লোকসভাৰ অধ্যক্ষৰ ওচৰত অভিযোগ দাখিল কৰে। আন কেইবাগৰাকী মহিলা সাংসদেও স্বাক্ষৰ কৰে অভিযোগ পত্ৰত। অভিযোগ পত্ৰত অভিযোগকাৰী সকলে ৰাহুলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

Comments (0)
Add Comment