ৰাছিয়াৰ লুনা- ২৫ ৰ বাবে বিপদত পৰিব নেকি চন্দ্ৰযান ৩ ! কি কয় ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইছৰোৱে ?

জোনবাইৰ দিশে সফলতাৰে গতি কৰি আছে চন্দ্ৰযান ৩-য়ে । বৰ্তমান চন্দ্ৰযান ৩ জোনবাইলৈ যোৱাৰ পথত প্ৰতিদ্বন্দী হিচাপে আগবাঢ়িছে ৰাছিয়াৰ লুনা-২৫ । ধুমুহাৰ গতিত জোনবাইৰ দক্ষিণ মেৰুৰ দিশে গতি কৰিছে লুনা -২৫ । ধুমুহা গতিত লুনা ২৫ চন্দ্ৰৰ দিশে আগবাঢ়ি যোৱাত এতিয়া সকলোৰে প্রশ্ন কোনে প্রথমে মাটি চুব চন্দ্ৰৰ ?
ইছৰোৱে সদৰি কৰামতে চন্দ্ৰযান- ৩য়ে চন্দ্ৰৰ মধ্যাকৰকৰ্ষণ শক্তিৰ মাজত থাকি মুঠ পাঁচবাৰ চন্দ্ৰৰ কক্ষপথ সলনি কৰিব । ইতিমধ্যে চন্দ্ৰযান ৩য়ে সুকলমে চন্দ্ৰৰ মধ্যাকৰ্ষণ শক্তিৰ অধীনত দুবাৰ কক্ষপথ সলনি কৰৰ পাছত সোমবাৰে তৃতীয় পৰ্যায়ত কক্ষপথ সলনি কৰিব চন্দ্ৰযান ৩ য়ে । ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে জানিবলৈ দিয়া মতে, সোমবাৰে পুৱা চাৰে ১১ বজাৰ পৰা চাৰে ১২ বজাৰ ভিতৰত । চন্দ্ৰযান ৩ য়ে ১৬ আগষ্টৰ ভিতৰত চন্দ্ৰৰ পাঁচোটা কক্ষপথ সলনি কৰিব । অহা ১৬ আগষ্টৰ ভিতৰত পাঁচোটা কক্ষপথ অতিক্রম কৰিব চন্দ্ৰযান ৩ য়ে। চন্দ্ৰযান ৩ বৰ্তমান চন্দ্ৰৰ পৰা ১৪৩৭ কিলোমিটাৰ দুৰত্বৰ কক্ষপথত অৱস্থান কৰি আছে ।
ইফালে ৰাছিয়াই জোনবাই অভিমুখে প্রেৰণ কৰা লুনা-২৫ এতিয়াও প্রবেশ কৰা নাই চন্দ্ৰৰ কক্ষপথত । এতিয়াও লুনা -২৫ পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ অধীনতে আছে ।
শনিবাৰে ৰাছিয়াই চন্দ্ৰলৈ উৎক্ষেপন কৰা লুনা ২৫ ১২ দিনৰ ভিতৰতে চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব । ইয়াৰ বিপৰীতে চন্দ্ৰযান ৩ক চন্দ্ৰপৃষ্ঠত প্রবেশ কৰিবলৈ ৪১ দিনৰ প্রয়োজন হব । দুয়োখন দেশৰ প্রযুক্তিগত পাৰ্থক্যৰ বাবেই চন্দ্ৰযান ৩ ক অধিক সময়ৰ প্রয়োজন হৈছে চন্দ্ৰপৃষ্ঠত উপস্থিত হবলৈ । ভাৰতে চন্দ্ৰযান ৩ ৰ খৰছ তথা ইন্ধন ৰাহিৰ বাবে ব্যৱহাৰ কৰিছে মধ্যাকৰ্ষণ শক্তিৰ । ইফালে ৰাছিয়াই এই অভিযানৰ বাবে যথেষ্ট পৰিমাণে ধন ব্যয় কৰাৰ পৰিপ্ৰেক্ষিতত কম সময়তে লুনা -২৫ উপনীত হবগৈ চন্দ্ৰপৃষ্ঠত ।
ৰাছিয়াই শেহতীয়াকৈ সদৰি কৰা তথ্যমতে চন্দ্ৰযান ৩ ৰ পথত প্রবেশ নকৰে লুনা – ২৫ । ইফালে ইছৰোৱে টুইট কৰি ৰাছিয়াৰ সফলতা কামনা কৰিলে ৰাছিয়াৰ চন্দ্ৰ অভিযানৰ । অহা ২৩ আগষ্টত সকলো থিকেই থাকিলে ভাৰতে চন্দ্ৰ অভিযানৰ ক্ষেত্রত ৰচিব নতুন ইতিহাস । সেইদিনটোৰ বাবে এতিয়া অপেক্ষা কৰিছে প্রতিগৰাকী ভাৰতীয়ই ।

Comments (0)
Add Comment