চন্দ্ৰযান ৩ সফলতাৰে প্রবেশ চন্দ্ৰ অন্তিম কক্ষপথত। চন্দ্ৰযান ৩ ৰ সফলতাৰ বাতৰি ইছৰোৰ টুইটত।

জোনবাইৰ দিশে সফলতাৰে গতি কৰিছে চন্দ্ৰযান ৩। ইতিমধ্যে আজি অৰ্থাৎ বুধবাৰে পুৱা চাৰে ৮ বজাত চন্দ্ৰযান ৩ সফলতাৰে প্রবেশ কৰে চন্দ্ৰৰ অন্তিম তথা পঞ্চম কক্ষপথত । ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে জানিবলৈ দিয়া মতে বৃহস্পতিবাৰে চন্দ্ৰযান ৩ ৰ পৰা পৃথক হব লেণ্ডাৰ বিক্রম । অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হব চন্দ্ৰযানৰ চন্দ্ৰত অৱতৰণৰ প্রক্রিয়া। বুধবাৰে ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইছৰোৱে এটা টুইটৰ জৰিয়তে চন্দ্ৰযান ৩ অতি কম সময়ৰ ভিতৰতে চন্দ্ৰৰ কক্ষপথ ১৫৩ কিলোমিটাৰ X ১৬৩ কিলোমিটাৰ কক্ষপথত প্রবেশ কৰে । ১৪ জুলাইৰ দুপৰীয়া অন্ধ্ৰপ্রদেশৰ শ্রী হৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ লঞ্চপেডৰ পৰা দুপৰীয়া ২ঃ৩৫ বজাত সফলতাৰে উৎক্ষেপণ কৰিছিল চন্দ্ৰযান ৩।

উৎক্ষেপনৰ ২২ দিনৰ পাছত চন্দ্ৰৰ কক্ষপথত উপনীত হয় চন্দ্ৰযান ৩ । পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিৰ ভিতৰত চন্দ্ৰযান ৩ য়ে ৫ বাৰ পৃথিৱীৰ কক্ষপথ সলনি কৰাৰ পাছত চন্দ্ৰযান ৩ প্রবেশ কৰে চন্দ্ৰৰ কক্ষপথত । চন্দ্ৰৰ মধ্যাকৰ্ষণ শক্তিৰ কবলত প্রবেশ কৰাৰ পাছত ছন্দ্ৰযান ৩ আজি চন্দ্ৰৰ অন্তিম কক্ষপথত প্রবেশ কৰে।
ইছৰোৱে চন্দ্ৰলৈ প্রেৰণ কৰা এইখন তৃতীয়খন মানৱবিহীন যান । ইয়াৰ পূৰ্বে দুবাৰকৈ ইছৰোৰ চন্দ্ৰ অভিযান বিফল হৈছিল । সকলো থিকেই থাকিল অহা ২৩ আগষ্টত চন্দ্ৰযান ৩ ৰ লেণ্ডাৰ বিক্রমে ৰভাৰ প্ৰঞ্জানক পেটৰ ভিতৰত ভৰাই লৈ চফ্ট লেণ্ডিং কৰিব জোনবাইত ।

Comments (0)
Add Comment