চন্দ্ৰযান জোনবাই পাবলৈ কেইটামান মূহুৰ্ত বাকী। জোনবাইত কি কৰিব প্ৰজ্ঞানে?

চন্দ্ৰযান জোনবাই পাবলৈ কেইটামানঘণ্টামান বাকী। সকলো থিকেই থাকিলে আজি সন্ধিয়া ৬:০৪ বজাত লেণ্ডাৰ বিক্ৰম চন্দ্ৰত পাখিৰ দৰে অৱতৰণ কৰিব। ইতিহাসৰ সাক্ষী হ’বলৈ অপেক্ষা কৰিছে সমগ্ৰ দেশে । দেশবাসীৰ আশা পূৰ্বৰ চন্দ্ৰ অভিযানৰ বিফলতা এইবাৰ পুনৰাবৃত্তি নহ’ব। কিন্তু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ISRO য়ে পুৰণি ভুলবোৰ শুধৰাই এই চন্দ্ৰ অভিযানক লৈ অতিকৈ আশাবাদী। ইছৰোৰ একাংশ বিজ্ঞানীৰ মতে চন্দ্ৰৰ বুকুত ‘প্ৰকৃত কাম’ আৰম্ভ হ’ব ৰভাৰ প্ৰজ্ঞান চন্দ্ৰৰ মাটিত অৱতৰণ কৰাৰ পাছত।

অতিকৈ সাৱধান বিক্রম

পুৰণি ভুলৰ পৰা শিক্ষালৈ এইবাৰ ইছৰ’য়ে আগতীয়া সতৰ্কবাণীৰে চন্দ্ৰত লেণ্ডাৰখন অৱতৰণ কৰিব। বিক্ৰমে সকলো কাম স্বয়ংক্ৰিয়ভাৱে কৰিব। চন্দ্ৰৰ মাটিত ভৰি দিয়াৰ বহু আগতেই বিক্রমে অৱতৰণৰ বাবে উপযক্ত স্থান বিচাৰিব। সেই স্থানৰ ফটোবোৰ বিশ্লেষণ কৰাৰ পাছত অবতৰণ কৰিব বিক্রম

বিকল্প ব্যৱস্থা

ইছৰোৰ এগৰাকী শীৰ্ষ বিজ্ঞানীয়ে কয় যে যদি চন্দ্ৰত অৱতৰণৰ বাবে পৰিস্থিতি অনুকূল নহয় তেন্তে অৱতৰণ প্ৰক্ৰিয়া পিছুৱাই দিয়া হ’ব। তেনে ক্ষেত্ৰত ২৭ আগষ্টত (দেওবাৰ) বিক্ৰমে চন্দ্ৰত অৱতৰণ কৰিব।

বিক্ৰমে কঢ়িয়াই নিছে প্ৰজ্ঞান

লেণ্ডাৰ বিক্ৰম চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ লগে লগে ইয়াৰ এটা অংশ স্বয়ংক্ৰিয়ভাৱে খোল খায় যাব। তাৰপাছত চন্দ্ৰপৃষ্ঠত নামিব বিক্রমৰ এটা হেলনীয়া অংশ । আৰু ৰোভাৰ প্ৰজ্ঞান সেই ঢাল খোৱা বাটেৰে নামি আহিব চন্দ্ৰৰ বুকুলৈ ।

ছয় ফুট খোজ কাঢ়িব প্রজ্ঞানে

চন্দ্ৰৰ মাটিত অৱতৰণ কৰি চাৰি ঘণ্টা জিৰণি লোৱাৰ পিছত প্ৰজ্ঞানে লাহে লাহে চন্দ্ৰৰ বুকুত বিচৰণ কাঢ়িবকৰিব। প্রজ্ঞানৰ ছয়টা চকাত প্ৰতি ছেকেণ্ডত ১ চে.মি.কৈ ঘূৰিব

চন্দ্ৰত তিনিটা ৰঙৰ সমাহাৰ ঘটিব

ৰভাৰখনত থাকিব একাধিক দিশত অটোমেটিক কেমেৰা। প্রজ্ঞানে চন্দ্ৰৰ মাটিত বিভিন্ন তথ্য অন্বেষণ কৰিব। প্রথমে প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা আৰু ইছৰোৰ ল’গ’ আঁকিব। প্ৰজ্ঞানে জোনবাইৰ পৰা সংগ্ৰহ কৰা সকলো তথ্য প্ৰেৰণ কৰিব লেণ্ডাৰ বিক্ৰমে। বিক্ৰমে সেই বাৰ্তা পঠিয়াব ইছৰোলৈ।
প্ৰজ্ঞানে আৰু কি কৰিব ?

একাধিক ইলেক্ট্ৰনিক যন্ত্ৰ লৈ চন্দ্ৰত অৱতৰণ কৰিব ৰভাৰ প্রজ্ঞান। চন্দ্ৰৰ ভূ পৃষ্ঠ কেনেকৈ গঢ় লৈ উঠিছে, চন্দ্ৰৰ মাটি কি কি মৌলৰ দ্বাৰা গঠিত সেই বিষয়ে অনুসন্ধান কৰি প্ৰজ্ঞানে বাৰ্তা প্ৰেৰণ কৰিব পৃথিৱীলৈ । অহা দুটাসপ্তাহত প্রজ্ঞানে স্পেকট্ৰ’মিটাৰ ত বিশ্লেষণ কৰি চন্দ্ৰৰ মাটিত কেনেধৰণৰ খনিজ পদাৰ্থ আছে সেই বিষয়ে ভালদৰে পৰীক্ষা কৰিব । এই সকলোবোৰ পৰীক্ষা সম্পন্ন কৰিবলৈ লেণ্ডাৰ আৰু ৰভাৰে পাঁচটা বৈজ্ঞানিক যন্ত্ৰ কঢ়িয়াই লৈ গৈছে।

ভৱিষ্যতৰ সম্ভাৱনা

যদি এই লেণ্ডাৰখনে সফলতাৰে অৱতৰণ কৰে তেন্তে চন্দ্ৰৰ দক্ষিণ মেৰুত ভৰি দিয়া প্ৰথমখন দেশ হিচাপে পৰিচিত হ’ব ভাৰত। বিশ্বৰ কোনো এখন দেশৰ মহাকাশযানে এতিয়ালৈকে চন্দ্ৰৰ দক্ষিণ মেৰুত অবতৰণ কৰা নাই। ভৱিষ্যতৰ দিনবোৰত চন্দ্ৰৰ এই অঞ্চলটো গৱেষণা আৰু সম্পদৰ ক্ষেত্ৰত বিজ্ঞানীসকলৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিব । আশা কৰিব পাৰি ভৱিষ্যতে ভাৰতে এইক্ষেত্রত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

Comments (0)
Add Comment