আদিত্য L1 সূৰ্যৰ কিমান ওচৰলৈ যাব ?আদিত্য- L1 অভিযানৰ সবিশেষ ।

আদিত্য- L1 । সূৰ্য অভিমুখে ইছৰোৰ নতুন অভিযান আদিত্য – L1 । ২ ছেপ্টেম্বৰত আৰম্ভ হব আদিত্য L1 ৰ অভিযান ।

কি এই আদিত্য- L1?

চন্দ্ৰ অভিযানৰ সফলতাৰ পাছত ভাৰতে পৰ্যবেক্ষণ কৰিব সূৰ্যৰ বিষয়ে । আমেৰিকা, ৰাছিয়া আৰু ইউৰোপৰ পাছত সূৰ্যক পৰ্যবেক্ষণৰ বাবে সাজু হৈ উঠিছে ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইছৰো । ইছৰোৰ সূৰ্যক পৰ্যবেক্ষণৰ নতুন অভিযান আদিত্য L1 ।ইছৰোৰ মতে , এই অভিযানৰ লক্ষ্য সূৰ্যৰ বিভিন্ন দিশৰ অধ্যয়ন

সূৰ্যক লৈ কিয় প্রয়োজন এই অভিযানৰ ?

সূৰ্য পৃষ্ঠৰ উত্তাপ অত্যাধিক হোৱাৰ বাবে সূৰ্য পৃষ্ঠত বিস্ফোৰণ হয় প্লাজমাৰ । প্লাজমাৰ বিস্ফোৰণৰ ফলত লাখ লাখ টন প্লাজমা বিয়পি পৰে মহাকাশলৈ । এই ক’ৰনেল মাছ ইজেকচন(CME) পোহৰৰ বেগেৰে বিয়পি পৰে সমগ্ৰ বিশ্বব্ৰক্ষ্মাণ্ডত । কেতিয়াবা পৃথিৱীৰ বায়ুমণ্ডলতো সোমাই পৰে CME । এই CME বোৰে পৃথিৱীক প্রদক্ষিণ কৰা উপগ্ৰহবোৰৰ যথেষ্ট ক্ষতি কৰে । সেয়েহে সূৰ্যৰ ওচৰলৈ পঠিওৱা হৈছে আদিত্য – L1 । সূৰ্যৰ পৰা অহা CME ৰ তীব্ৰতা ৰ বিষয়ে অনুমান কৰিব পাৰি ।

আদিত্য- L1 সূৰ্যৰ কিমান ওচৰলৈ আৰু পৃথিৱীৰ পৰা কিমান দূৰত্বলৈ ?

আদিত্য L1 পৃথিৱী আৰু সূৰ্যৰ মাজৰ Lagrange পইণ্টয়্য L1 লৈ যাব । পৃথিৱীৰ পৰা এই দুৰত্ব ১৫ লাখ কিলোমিটাৰ।

Comments (0)
Add Comment