অবৈধ বিত্তীয় লেনদেনৰ অভিযোগত জেট এয়াৰৱেজৰ প্ৰতিষ্ঠাপক নৰেশ গোৱেলক গ্ৰেপ্তাৰ কৰে মুম্বাইৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাই । কানাড়া বেংক কৰ্তৃপক্ষৰ গোচৰৰ ভিত্তিত শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰা হয় নৰেশ গোৱেলক । ৫৩৮ কোটি টকাৰ কানাড়া বেংকৰ ঝণ জালিয়াতিৰ গোচৰত অভিযুক্ত নৰেশ গোৱেলক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে , ইডিৰ মুম্বাই কাৰ্যালয়ত ৭ ঘণ্টা ধৰি সোধা-পোছা কৰিছিল গোৱেলক।
নৰেশ গোৱেলক গ্ৰেপ্তাৰৰ সবিশেষ !
২০২৩ চনৰ মে মাহত, কানাড়া বেংকৰ সৈতে জড়িত ঋণ জালিয়াতিৰ গোচৰ সন্দৰ্ভত চি,বি,আই য়ে এখন এজাহাৰ পঞ্জীয়ন কৰিছিল নৰেশ গোৱেলৰ বিৰুদ্ধে । যোৱা ৫ মে’ত চিবিআইৰ বিষয়াসকলে মুম্বাইৰ সাতটা স্থানত থকা নৰেশ গোৱেলৰ বাসগৃহ আৰু কেইবাটাও কাৰ্যালয়ত তালাচী চলায় । ইয়াৰ উপৰিও দিল্লীতো এই সন্দৰ্ভত তালাচী চলাইছিল ইডি য়ে ।
কানাড়া বেংকৰ মুখ্য মহাপ্ৰৱন্ধক পি , সন্তোষৰ অভিযোগৰ ভিত্তিত এজাহাৰ দাখিল কৰা হৈছিল নৰেশ গোৱেলৰ বিৰুদ্ধে । এই গোচৰত নৰেশ গোৱেলৰ পত্নী অনিতা গোৱেল, গৌৰং আনন্দ চেট্টী আৰু কেইবাগৰাকীও ব্যক্তিৰ নাম জড়িত হৈ আছে এই গোচৰত । কানাড়া বেংকৰ মুখ্য মহাপ্রবন্ধক সন্তোষে কয় যে , নৰেশ গোৱেলৰ বাবেই কানাড়া বেংক ৫৩৮কোটি ৬২লাখ টকাৰ লোকচানৰ সন্মুখীন হয় ।
২০০৫ চনৰ পৰা কানাড়া বেংকৰ সৈতে লেনদেন কৰি আহিছিল জেট এয়াৰৱেজৰ প্রতিষ্ঠাপক নৰেশ গোৱেলে । বেংকৰ অভিযোগ, গোৱেলৰ কোম্পানীবোৰে কানাড়া বেংকৰ পৰা লোৱা ঋণৰ কিস্তি পৰিশোধ কৰা বন্ধ কৰি দিয়ে ।
চিবিআইয়ে এজাহাৰত উল্লেখ কৰা তথ্যত নৰেশ গোৱেলৰ প্রতিষ্ঠানে বেংকটোৰ সৈতে কৰা প্রবঞ্চনাৰ লগতে ধনৰ অপব্যৱহাৰৰ দিশ আঙুলিয়াই দিছে ।
জেট এয়াৰৱেজে ২০১৯ চনৰ এপ্ৰিল মাহৰ পৰা প্রতিষ্ঠানটোৰ বিমান সেৱা বন্ধ কৰি দিয়ে । নৰেশ গোৱেলক গ্ৰেপ্তাৰৰ পাছত , আৰু অধিক বৃদ্ধি পাব প্রতিষ্ঠানটোৰ সমস্যা ।