উচ্চতম ন্যায়ালয়ে এন আৰ চি(NRC)কে ধৰি তিনিটা গোচৰৰ শুনানিৰ বাবে এখন নতুন সবিধান বিচাৰপীঠ গঠন কৰিছে । শেহতীয়া জাননী অনুসৰি, ২০ ছেপ্তেম্বৰ, ২০২৩ ৰ পৰা উচ্চতম ন্যায়ালয়ৰ সংবিধান বিচাৰপীঠে অসমত তিনিটা গোচৰৰ শুনানি আৰম্ভ কৰিব।
এই বিচাৰপীঠখনত ন্যায়াধীশ এ এছ বোপান্না, এম এম সুন্দ্ৰেশ, জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰৰ সৈতে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে অংশ গ্ৰহন কৰিব । ২০ ছেপ্টেম্বৰ , ২০২৩ পৰা অসম পাব্লিক ৱৰ্কছ বনাম ইউনিয়ন অৱ ইণ্ডিয়া, অশোক কুমাৰ জৈন বনাম ইউনিয়ন অৱ ইণ্ডিয়া আৰু সীতা সোৰেন বনাম ইউনিয়ন অৱ ইণ্ডিয়াই অংশ গ্ৰহণ কৰিব ।
এই গোচৰসমূহ অসম এন আৰ চি, এংলো-ইণ্ডিয়ান সম্প্ৰদায়ৰ বাবে সংৰক্ষণৰ বৈধতা, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ সৈতে জড়িত বুলি উল্লেখ কৰিব পাৰি ।