G20 সন্মিলনত অংশগ্ৰহণৰ বাবে ভাৰতলৈ আগমণ ঘটিছে বিভিন্ন দেশৰ ৰাষ্ট্ৰনেতাৰ । আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ আগমনৰ আগে আগে দিল্লীত আহি উপস্থিত হয় জো বাইদেনৰ নিৰাপত্তাৰক্ষী অৰ্থাৎ মিনি আৰ্মি । ইয়াৰ লগে লগে চৰ্চালৈ আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ গাড়ী ‘দ্য বিষ্ট’ ।
হলিউডৰ চিনেমা যদি আপোনাৰ প্ৰিয় তেতিয়াহলে আপুনি দেখিছে ‘দ্য বিষ্ট‘’ৰ দৰে বিশেষ বৈশিষ্ট্যপূৰ্ণ গাড়ী । তেনে এখন গাড়ীয়েই এইবাৰ আপুনি দেখিবলৈ পাব দিল্লীৰ ৰাজপথত । যি খন গাড়ীত উঠি দিল্লীৰ ৰাজপথত ঘূৰিব জো বাইডেন ।
আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ গাড়ী ‘দ্য বিষ্ট’ বিশ্বৰ আটাইতকৈ নিৰাপদ গাড়ী হিচাপে বিবেচিত হৈছে । আমেৰিকাৰ প্রাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু বাৰাক ওবামা ভাৰতলৈ আহোতেও ’দ্য বিষ্ট ’ ক ভাৰতলৈ আনিছিল ।
আজি ভাৰতলৈ অহা আমেৰিকাৰ ৰাষ্টপ্রতি জো বাইডেনে ব্যৱহাৰ কৰিবলগীয়া গাড়ী ‘দ্য বিষ্ট’ক ভাৰতলৈ অনা হয় বয়িং C 17 গ্ল’ব মাষ্টাৰ ৩ বিমানেৰে ।
আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীৰ আগমনৰ লগে লগে তিনিতৰপীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে দিল্লীত ।এই তিনিতৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ প্রথম স্তৰত থাকিব গোপন সেৱাৰ এজেণ্ট, দ্বিতীয় স্তৰত থাকিব বিশেষ নিৰাপত্তা গোটৰ কামাণ্ডো ,( SPG )আৰু তৃতীয় স্তৰত থাকিব অৰ্ধসামৰিক বাহিনীৰ জোৱান ।
২০০১ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ব্যৱহাৰ কৰা গাড়ীখনৰ নাম দিয়া হৈছিল ‘দ্য বিষ্ট’ ।আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ব্যৱহাৰ কৰা বিশ্বৰ আটাইতকৈ লক্তিশালী গাড়ী ‘ দ্য বিষ্ট’ আমেৰিকাৰ ছিক্রেট চাৰ্ভিছৰ চোৰাংচোৱাৰ পৰ্যবেক্ষণত থাকে ।

বৰ্তমান আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ব্যৱহাৰ কৰা কেডিলাক ৱান আমেৰিকাৰ গাড়ী নিৰ্মানকাৰী প্রতিষ্ঠান জেনেৰেল মটৰছে নিৰ্মান কৰি উলিয়াইছে । ২০১৮ চনত এইখন গাড়ী নিৰ্মানৰ কাম সম্পূৰ্ণ হৈছিল ।
দ্য বিষ্টৰ ওজন প্ৰায় ৯ হাজাৰ কিলোগ্ৰাম । বিশেষ ভাবে নিৰ্মাণ কৰা এইখন গাড়ীত ৭ জন মানুহ বহিব পৰা ব্যৱস্থা আছে । নিৰাপত্তাৰ বাবে গাড়ীখনৰ বাম্পাৰত পাম্প একচন শ্বটগান আৰু কন্দুৱা গেছৰ গোলা লগোৱা আছে । গাড়ীখনৰ তলত লগোৱা ষ্টীলৰ প্লেট সমূহে গাড়ীখনক বোমা আৰু গ্ৰেনেডৰ আক্রমণৰ পৰা সুৰক্ষিত কৰি ৰাখে । গাড়ীখনৰ ২০ চে,মি প্রস্থৰ ইন্ধনৰ টেংকিটো বুলেট আৰু ব্লাষ্ট প্রুফ । যদি গাড়ীখনক লক্ষ্য কৰি ৰাসায়নিক অস্ত্রৰে আক্রমণ কৰিলে তৎ মুহুৰ্ততে গাড়ীখনে নিজকে ছীল কৰি লয় ।
এইখন গাড়ীৰ খিৰিকীবোৰত ১৩ চে,মি, ডাঠ লেমিনেটেড গ্লাছ লগোৱা আছে । গাড়ীখনত ৰান-ফ্লেট টায়াৰ ব্যৱহাৰ কৰা হৈছে । যদি গাড়ীখনৰ চকা পাংচাৰ হয় তেতিয়া নিজৰ গতিৰে চলিব ‘দ্য বিষ্ট’ ।ইয়াৰ উপৰিও বিশেষ ভাবে নিৰ্মাণকৰা গাড়ীখনত অক্সিজেন টেংকৰ লগতে ৰাষ্ট্ৰপতি গৰাকীৰ সৈতে একেগ্ৰুপৰ তেজৰ ইউনিটো মজুত ৰাখিব পৰা ব্যৱস্থা আছে ।