G20ৰ ভোজমেললৈ নিমন্ত্রণ নাপালে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে । অসন্তুষ্ট ৰাহুল গান্ধীয়ে কি ক’লে আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত । ISHAN NEWS …

G20ৰ ভোজমেললৈ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেক নিমন্ত্রণ নকৰাৰ বাবে অসন্তুষ্টি প্রকাশ কৰে কংগেছৰ নেতা ৰাহুল গান্ধীয়ে । বেলজিয়ামৰ ব্ৰাছেলছ প্ৰেছ ক্লাৱত আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমক সংবোধন কৰি ৰাহুল গান্ধীয়ে সাংবাদিকৰ সন্মুখত কয় যে , “G20 অতি গুৰুত্বপূৰ্ণ বৈঠক । ভাৰতে G20 বৈঠক আয়োজন কৰাটো অতি গুৰুত্বপূৰ্ণ বিষয় । দেশৰ জনতাৰ ৬০ শতাংশৰ নেতাজনক উপেক্ষা কৰা হৈছে ” ইয়াৰ উপৰিও ৰাহুল গান্ধীয়ে উল্লেখ কৰে যে, “ ভাৰতৰ গণতন্ত্র সন্দৰ্ভত যি হৈ আছে সেয়া অতি গুৰুত্বপূৰ্ণ । যি সকলে শাসনৰ বাঘজৰী হাতত লৈছে সেইসকলেই আক্রমণ কৰিছে দেশৰ গণতন্ত্রত” ।


ৰাহুল গান্ধীয়ে সংবাদ মাধ্যমৰ সন্মুখত আন এক গুৰুত্বপূৰ্ণ প্রসংগ উল্লেখ কৰি কয় যে , “দেশৰ প্রতিগৰাকী ব্যক্তিৰে নিজৰ কণ্ঠ আছে আৰু প্রতিগৰাকী ব্যক্তিৰে মত প্রকাশৰ স্বাধীনতা থাকিব লাগে । এই ক্ষেত্রত আমি প্রতিশ্ৰুতিবদ্ধ । কাশ্মীৰৰ বিকাশ আৰু উন্নতি হোৱাৰ লগতে কাশ্মীৰত শান্তি বিৰাজ কৰিব লাগে ”। ইয়াৰ উপৰিওয়কংগ্ৰেছ নেতা গৰাকীয়ে কয় যে, ‘ আমাৰ দেশৰ স্বৰূপ সলনি কৰাৰ প্রয়াস কৰা হৈছে । সংখ্যালঘু, দলিত, জনজাতীয় আৰু পিছপৰা জাতিক আক্রমণৰ ঘটনা সংঘটিত হৈছে । বিজেপিয়ে বিচাৰে ধন আৰু ক্ষমতা কেন্দ্ৰীভুত কৰিব বিছাৰে ।

Comments (0)
Add Comment