উচ্চতম ন্যায়ালয়ৰ অধিবক্তা ৰেণু সিনহাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ । যোৱা শনিবাৰে অধিবক্তা গৰাকীৰ মৃতদেহ নয়ডাৰ চেক্টৰ ৩০ ত থকা অধিবক্তা গৰাকীৰ বাংলোৰ শৌচাগাৰৰ পৰা উদ্ধাৰ কৰা হয় । অধিবক্তা গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা প্রায় ৩৬ ঘণ্টাৰ অন্তত নিজ বাংলোৰ গুদামত আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষীয়ে আটক কৰে অধিবক্তা গৰাকীৰ স্বামী নীতিন নাথ সিনহাক ।
অধিবক্তা গৰাকীৰ ভাতৃয়ে বায়েকক হত্যাৰ আঁৰত ভিনীহিয়েক জড়িত থকাৰ অভিযোগ উণ্থাপন কৰিছে । আৰক্ষীয়ে অধিবক্তা হত্যাকাণ্ডৰ অভিযুক্তৰ ফোনটো ট্ৰেক কৰিবলৈ সক্ষম হোৱাৰ পাছতেই অধিবক্তা গৰাকীৰ স্বামী তথা ঘটনাৰ মুল অভিযুক্ত নীতিন নাথ সিনহাক নিজ গৃহৰ ষ্ট’ৰ ৰুমৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
আৰক্ষীয়ে জানিবলৈ দিয়ামতে , উচ্চতম ন্যায়ালয়ৰ অধিবক্তা ৰেণু সিনহা আৰু তেওঁৰ স্বামী নীতিন নাথ সিনহা নয়ডাৰ চেক্টৰ ৩০ ৰ ডি ৪০ বাংলোতোত বসবাস কৰিছিল । তেওঁলোকৰ সন্তান বিদেশত থকা হেতুকে ভায়েকে প্রায়েই ৬১ বছৰ বয়সীয়া বায়েকৰ খবৰ লৈছিল । দুদিনধৰি বায়েকে ফোন নুঠুৱাত ভায়েক কাষ চাপিছিল আৰক্ষীৰ । আৰু ইয়াৰ পাছতেই আৰক্ষীয়ে ৰেণু সিনহাৰ মৃতদেহ উদ্ধাৰ কৰে নিজ বাংলোৰ কোঠাৰ লগত সংলগ্ন হৈ থকা এটা শৌচাগাৰৰ পৰা ।
আৰক্ষী আৰু ৰেণু সিনহাৰ ভায়েকে সংবাদমাধ্যমক জানিবলৈ দিয়া মতে , মৃত অধিবক্তা গৰাকীৰ স্বামীয়ে তেওঁলোকৰ নয়ডাৰ বাংলোটো বিক্রী কৰিবলৈ বিচাৰিছিল । ঘৰ বিক্রীক কেন্দ্ৰ কৰি প্রায়েই স্মামী -স্ত্রীৰ মাজত বাক বিতণ্ডা হৈছিল ।এজন গ্ৰাহকৰ পৰা অধিবক্তা গৰাকীৰ স্বামীয়ে ঘৰটো বিক্রী কৰিবৰ বাবে আগতীয়াকৈ ধন লোৱাৰ কথাও পোহৰলৈ আহিছে । এই কথা অধিবক্তা ৰেণু সিনহাই গম পোৱাৰ পাছতে দুয়োৰে মাজত মতানৈক্য হৈছিল । অধিবক্তা ৰেণু সিনহাই ঘৰটো বিক্রী কৰিবলৈ নিদিয়াৰ বাবে এই হত্যাকাণ্ড সংঘটিত হল বুলি সন্দেহ কৰিছে আৰক্ষীয়ে । অৱশ্যে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে