ভাৰত পাকিস্তানৰ মেছত শচীন টেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে বিৰাট কোহলীয়ে ।

ক্রিকেট বিশ্বত সোমবাৰে আন এক ইতিহাস ৰচনা কৰে বিৰাট কোহলীয়ে । ক্রিকেটৰ ৰজা ‘কিং কোহলী’ য়ে এদিনীয়া ক্ৰিকেটত ১৩,০০০ ৰাণৰ সীমা অতিক্ৰম কৰি ক্রিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰে । বিৰাট কোহলীয়ে মাত্ৰ ২৬৭ টা ইনিংছত এই সংখ্যা অতিক্ৰম কৰিবলৈ সক্ষম হয় ।

ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত এছিয়া কাপ ২০২৩ৰ চুপাৰ ফ’ৰত বিৰাট কোহলীয়ে এই অভিলেখ সষ্টি কৰে । কোহলীয়ে বেটিঙ বিক্রমেৰে এদিনীয়া ক্রিকেটত ৪৭ সংখ্যক শতক সম্পূৰ্ণ কৰে । আজিৰ মেচখনত কোহলীয়ে ৯৪ টা বলত ১২২ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে । এটা ইনিংছত, বিৰাটে ৯ টা চাৰি আৰু তিনিটা ছয়েৰে ক্রিকেটপ্রেমীৰ হৃদয়ত সাঁচ বহুৱাবলৈ সক্ষম হয় ।

পাকিস্তানৰ বিৰুদ্ধে চুপাৰ ফ’ৰৰ মেচত শতক অৰ্জন কৰাৰ লগে লগে কোহলীয়ে এদিনীয়া ক্ৰিকেটত ১৩,০০০ ৰাণৰ সীমা অতিক্ৰম কৰে। কোহলীয়ে ২৬৭ টা ইনিংছত ১৩ হাজাৰ ৰাণ সংগ্ৰহ কৰি, বিশ্বৰ দ্ৰুততম ১৩ হাজাৰ ৰাণ সংগ্ৰহ কৰা বেটছমেনৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয় । কোহলীৰ পিছত আছে শচীন টেণ্ডুলকাৰৰ নাম । টেণ্ডুলকাৰে ৩২১ টা ইনিংছত ১৩ হাজাৰ ৰাণ সংগ্ৰহ কৰিছিল। ক্রিকেটাৰ পন্টিংয়ে ৩৪১ টা ইনিংছত ১৩,০০০ ৰাণ সংগ্ৰহ কৰিছিল। কুমাৰ চাংগাকাৰাই ৩৬৩ ৰাণত ১৩,০০০ আৰু ৪১৬ টা ইনিংছত সনথ জয়সূৰ্যই এই সীমা অতিক্ৰম কৰিছিল।


বিৰাট কোহলীয়ে এতিয়ালৈকে মুঠ ২৭৮ খন এদিনীয়া খেল খেলিছে । ২৭৮ খন খেলত কোহলীৰ বেটৰ পৰা ১৩ হাজাৰ ২৪ ৰাণ আহিছে। বিৰাটৰ সৰ্বশ্ৰেষ্ঠ স্ক’ৰ হৈছে ১৮৩ ৰাণ। একে সময়তে কোহলীৰ গড় ৰাণ হৈছে ৫৭.৬২।
সোমবাৰে এছিয়া কাপত বিৰাট কোহলী আৰু কে এল ৰাহুলে ক্ৰমান্বয়ে ১২২ আৰু ১১১ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষ হয় । ৰাহুলে তেওঁৰ ইনিংছত ১২ টা চাৰি আৰু দুটা ছয় কোবাই । কোহলী-ৰাহুলে ১৯৪ টা বলত ২৩৩ ৰাণ সংগ্ৰহ কৰে । আনহাতে শুভমান গিলে ৫২ টা বলত ৫৮ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

Comments (0)
Add Comment