সোমবাৰে ভাৰতৰ শ্বেয়াৰ বজাৰৰ ছ্যেনছেক্স ৬৭ হাজাৰ পইণ্টৰ উৰ্দ্ধগামী হয় । সেইদৰে নিফটিয়ে সৰ্বকালৰ অভিলেখ সৃষ্টিকৰি ২০ হাজাৰৰ সীমা অতিক্রম কৰে ।
দেশৰ শ্বেয়াৰ বজাৰত বোম্বে ষ্টক এক্সেঞ্জৰ সূচকাংক ৬৭ হাজাৰত উপনীত হয় । ইফালে নেচনেল ষ্টক এক্সেঞ্জৰ সূচকাংকই ২০ হাজাৰৰ সীমা অতিক্রম কৰি ইতিহাস সূচনা কৰাত শ্বেয়াৰ বজাৰৰ বিনিয়োগকাৰী সকল উৎফুল্লিত হৈ পৰে ।
নিফটিত আদানী পৰ্টছৰ শ্বেয়াৰ ৭ শতাংশতকৈ অধিক বৃদ্ধি পাইছে । একেদৰে আদানী এণ্টাৰপ্রাইজৰ শ্বেয়াৰ ৪ শতাংশ বৃদ্ধি পাইছে । ইফালে ক’ল ইণ্ডিয়াৰ শ্বেয়াৰ ১.১৫ শতাংশ হ্ৰাস পায় ।
ছেনছ্যেক্সত কোন কোন প্রতিষ্ঠান জিলিকি উঠিল
বি এছ ই ছ্যেনছেক্সত এক্সিছ বেংক, পাৱাৰ গ্ৰিড, মাৰুতিৰ শ্বেয়াৰ ২ শতাংশ বৃদ্ধি হয় । সেইদৰে এচ বি আই , টাটা মটৰ্ছ, আই টি সি , নেচলে ইণ্ডিয়া, মহিন্দা এণ্ড মহিণ্ডা, টাটা ষ্টিল , আই চি আই চি আই বেংক, টি চি এচ আৰু এন টি পি চিৰ শ্বেয়াৰ আজি জিলিকি উঠে দেশৰ শ্বেয়াৰ বজাৰত ।