জ্যোতিষীৰ সিদ্ধান্তৰ ওপৰতহে নিৰ্ভৰশীল ভাৰতৰ ফুটবল খেলুৱৈৰ ভৱিষ্যত ।

ভাৰতীয় ফুটবলত সংঘটিত হৈছে নজিৰবিহীন ঘটনা । জ্যোতিষীৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে ভাৰতীয় ফুটবল দলৰ মূল একাদশৰ খেলুৱৈৰ নিৰ্বাচন। ভাৰতৰ অন্যতম তাৰকা ফুটবল খেলুৱৈ সুনীল ছেত্রীয়ে দলত স্থান লাভ কৰিবলৈ হ’লে কেনেকৈ খেলে সেইটোৰ ওপৰত নিৰ্ভৰ নকৰে। নিৰ্ভৰ কৰে জ্যোতিষীৰ সিদ্ধান্তৰ ওপৰত । প্রশিক্ষক ইগ’ৰ ষ্টিমাছে এজন জ্যোতিষীৰ সৈতে আলোচনা কৰি খেলুৱৈ গৰাকী দলত অন্তৰ্ভুক্ত হবনে নহয় সেই সন্দৰ্ভত সিদ্ধান্ত লয় বুলি অভিযোগ উণ্থাপন হৈছে ।
এছিয়ান কাপৰ কোৱালিফায়াৰৰ পূৰ্বে প্রশিক্ষক ষ্টিমাছে দিল্লীৰ ভূপেশ শৰ্মা নামৰ দিল্লীৰ জ্যোতিষী এগৰাকীৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰে বুলি ব্যাপক ৰূপত চৰ্চা হৈছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্রকাশিত তথ্য অনুসৰি ১১ জুনত খেল আৰম্ভ হোৱাৰ এঘণ্টা পূৰ্বে দলটো ঘোষণা কৰা হৈছিল । জ্যোতিষীৰ কথামতে শেষমুহুৰ্তত দুজন ফুটবলাৰক দলৰ পৰা বাদ দিছিল । জ্যোতিষীৰ মতে সেইদিনা খেলৱৈ দুগৰাকীৰ ভাগ্য ভাল নোহোৱাৰ বাবে দুয়োজনকে দলৰ পৰা বাদ দিছিল ।
এনেধৰণৰ ঘটনা এবাৰেই নহয় বহুবাৰ সংঘটিত হোৱাৰ অভিযোগ উণ্থাপন হৈছে । যোৱা বছৰৰ মে আৰু জুন মাহত ভাৰতীয় ফুটবল দলৰ প্রশিক্ষক ষ্টিমাচ আৰু জ্যোতিষী গৰাকীৰ মাজত শতাধিক বাৰ্তাৰ আদান প্রদান হোৱাৰ কথাও ব্যাপক ৰূপত চৰ্চা হৈছে । যি সময়ত ভাৰত আৰু জৰ্ডানৰ মাজত প্ৰীতি মেছ অনুষ্ঠিত হৈছিল সেইসময়তো বাৰ্তালাপ হৈছিল জ্যোতিষীৰ সৈতে ।
আন এক সুত্র মতে , প্রশিক্ষক ষ্টিমাছে জ্যোতিষীৰ পৰামৰ্শ অনুসৰি মেচৰ মাজত খেলুৱৈ সলনি কৰিছিল । ইয়াৰ উপৰিও ষ্টিমাছে খেলুৱৈসকলৰ জন্মৰ সময়, তাৰিখ আৰু জন্মৰ স্থান প্রেৰণ কৰে জ্যোতিষী গৰাকীলৈ ।
৮ জুনৰ পৰা ১৪ জুনলৈ কলকতাত অনুষ্ঠিত এছিয়ান কাপৰ কোৱালিফায়াৰ মেছত ষ্টিমাচে আৰু ভূপেশে প্রতিখন মেচৰ দুদিন আগত জ্যোতিষীৰ সৈতে খেলুৱৈ সকলৰ বিষয়ে আলোচনা কৰি লৈছিল । সেইবাৰ এছিয়ান কাপৰ কোৱালিফায়িং ৰাউণ্ডৰ তিনিওখন মেচতে ভাৰতে জয়লাভ কৰে ।
ভাৰতৰ ফুটবলত এই ঘটনা সংঘটিত হোৱাৰ সময়ত প্রফুল পেটেল ভাৰতৰ ফুটবল সন্থাৰ মূৰব্বী আছিল আছিল ।
এই ঘটনা পোহৰলৈ অহাৰ পাছতে ভাৰতৰ ফুটবল সন্থাই ষ্টিমাছলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে ।

Comments (0)
Add Comment