সংসদৰ বিশেষ অধিৱেশনত, সংসদৰ কৰ্মচাৰীসকলে পিন্ধিবলগীয়া নতুন পোছাকক লৈ দেশজুৰি সৃষ্টি বিতৰ্কৰ।
নতুন পোছাক কেনেকুৱা হ’ব ?
লোকসভা সচিবালয়ে আভ্যন্তৰীণ বিজ্ঞপ্তিৰ জৰিয়তে সংসদৰ কৰ্মচাৰী সকলক নতুনকৈ ডিজাইন কৰা পোছাক পৰিধান কৰাৰ নিৰ্দেশ দিয়ে । নিৰ্দেশমতে , চেম্বাৰ এটেণ্ডেণ্ট, বিষয়া, চালক, মাৰ্শ্বেল আৰু নিৰাপত্তাৰ দায়িত্বত থকা কৰ্মচাৰী সকলৰ নতুন ডিজাইন কৰা হৈছে । মাৰ্শ্বেলসকলৰ বাবে নতুনকৈ নিৰ্দ্ধাৰন কৰা হৈছে মণিপুৰী পাগুৰি। সুৰক্ষা কৰ্মীসকলৰ বাবে চাফাৰী চ্যুটৰ পৰিৱৰ্তে সেনাৰ পোছাকৰ দৰে নতুন পোছাক ডিজাইন কৰিছে । এন আই এফ টি অৰ্থাৎ ৰাষ্ট্ৰীয় ফেশ্বন প্রযুক্তি প্রতিষ্ঠানে সংসদ ভৱনৰ কৰ্মচাৰীসকলৰ বাবে নতুন পোছাকৰ ডিজাইন কৰিছে। ৰাষ্ট্ৰীয় ফেশ্বন প্ৰযুক্তি প্ৰতিষ্ঠানে (এনআইএফটি)ডিজাইন কৰিছে ।
নতুন ডিজাইনৰ পোছাকত কৰ্মচাৰীসকলৰ বাবে আছে মেজেণ্টা বা গাঢ় গুলপীয়া ৰঙৰ নেহৰু জেকেট আৰু কৰ্মচাৰীসকলৰ চাৰ্টৰ ৰং হব গাঢ় গুলপীয়া। প্রতিটো ছাৰ্টতে থাকিব একোপাহকৈ পদুম ফুল । ইয়াৰ উপৰিও নতুকৈ ডিজাইন কৰা পেণ্টৰ ৰং সলনি হব খাকী ৰঙলৈ।
মহিলা কৰ্মচাৰীৰ নতুন পোছাক
মহিলা কৰ্মচাৰীসকলে বগা আৰু পাতল গুলপীয়া ৰঙৰ শাৰী পিন্ধিব লাগিব। শীতকালত মহিলাহকলে শাৰীৰ সৈতে পাতল গুলপীয়া ৰঙৰ জেকেট পৰিধান কৰিব লাগিব
নতুন পোছাকক লৈ কিয় বিতৰ্ক ?
নতুন পোছাকত থকা পদুম ফুলক লৈ সৃষ্টি হৈছে বিতৰ্ক। নতুন পোছাকত পদুম ফুল কিয় সন্নিবিষ্ট কৰা হৈছে বুলি বিতৰ্কৰ সূছনা কৰে কংগ্ৰেছে । কংগ্ৰেছে বিজেপিক সংসদক একপক্ষীয় ভাবে ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰে । কংগ্ৰেছ নেতা মণিকম ঠাকুৰেও এই সন্দৰ্ভত টুইটত লিখিছিল,
“কেৱল পদুমফুল কিয়?” ময়ূৰ বা বাঘ কিয় নহয়? সেইবোৰ বিজেপিৰ নিৰ্বাচনী প্ৰতীক নহয়! এই অৱনতি কিয় ঘটিছে , মহাশয় ওম বিৰলা?”
ইয়াৰ উপৰিও মণিক্কাম ঠাকুৰে টুইটাৰত এটা ভিডিঅ’ মুকলি কৰি কয় যে ,
“তেওঁলোক কিমান পৰিব ? জি-২০ত একেটা কামেই কৰিছিল। তেওঁলোকে এতিয়াও একেটা কামকে কৰি আছে আৰু কৈছে যে পদুম হৈছে ৰাষ্ট্ৰীয় ফুল। এনে পদক্ষেপ সঠিক নহয়। আশা কৰোঁ, বিজেপি ইয়াৰ উৰ্ধত উঠিব আৰু সংসদক একপক্ষীয়ভাৱে পক্ষপাতদুষ্ট নকৰিব।”