বিশ্বকৰ্মা হৈছে স্থাপত্যৰ দেৱতা । বিশ্বব্ৰহ্মাণ্ডৰ স্থপতিবিদ বিশ্বকৰ্মাৰ জন্মদিনৰ প্ৰতি সমৰ্পিত হিন্দুসকলৰ এয়া এক উৎসৱ । এই দিনটো বিশ্বকৰ্মা জয়ন্তী হিচাপেও জনাজাত । জনশ্ৰুতি মতে, বিশ্বকৰ্মাই ভগৱান ব্ৰহ্মাক পৃথিৱীৰ সৃষ্টিত সহায় কৰিছিল আৰু দেৱতাসকলৰ বাবে বহুতো অস্ত্ৰ-শস্ত্ৰ তৈয়াৰ কৰিছিল ।
প্ৰাচীন কালৰ পৰাই আমাৰ ঋষি আৰু মুনিসকলে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ সৈতে বিশ্বকৰ্মাৰ উপাসনা কৰি আহিছে। ভগৱান বিশ্বকৰ্মাক প্ৰাচীন কালৰ প্ৰথম অভিযন্তা বুলি গণ্য কৰা হয় । এই দিনটোত ঔদ্যোগিক খণ্ডৰ সৈতে সম্পৰ্কিত উপকৰ, সঁজুলি আদিৰ উপাসনা কৰিলে কামত দক্ষতা আহে আৰু কাৰুশিল্প বিকশিত হয় বুলি এক বিশ্বাস প্ৰচলিত হৈ আহিছে । ইয়াৰোপৰি ব্যৱসায় বৃদ্ধি হোৱাৰ লগতে সম্পদ আৰু সমৃদ্ধি হয় বুলি জনবিশ্বাস আছে ।
বিশ্বকৰ্মা পুৰাণৰ মতে, নাৰায়ণে প্ৰথমে ব্ৰহ্মা আৰু তাৰ পিছত বিশ্বকৰ্মাক সৃষ্টি কৰিছিল ৷ ব্ৰহ্মাৰ নিৰ্দেশত বিশ্বকৰ্মায়ে পুষ্পক বিমানা , ইন্দ্ৰপুৰী , লংকা, দ্বাৰকাত হস্তিনাপুৰ, জগন্নাথ পুৰী নিৰ্মাণ কৰিছিল৷ ইয়াৰ লগতে ভগৱান বিশ্বকৰ্মাই প্ৰাচীন শাস্ত্ৰত বাস্তু শাস্ত্ৰ, যন্ত্ৰ নিৰ্মাণ, বিমান বিদ্যা আদিৰ জ্ঞানৰ বিষয়ে তথ্য প্ৰদান কৰিছে।
বিশ্বকৰ্মা পূজা ভাৰতৰ কৰ্ণাটক, অসম, পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা আৰু ত্ৰিপুৰা আদি ৰাজ্যত প্ৰতিবছৰে ভাদ মাহৰ সংক্ৰান্তি বা কন্যা সংক্ৰান্তিত পালন কৰা হয়।
হিন্দু বৰ্ষপঞ্জী অনুসৰি, এইবাৰ বিশ্বকৰ্মা পূজা ১৮ ছেপ্টেম্বৰ তাৰিখে উদযাপন কৰা হ’ব। পূৰ্বৰ বছৰবোৰত ১৭ ছেপ্টেম্বৰত অনুষ্ঠিত হৈ আহিছিল বিশ্বকৰ্মা পূজা। ভাদ মাহৰ সংক্ৰান্তিত বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰাৰ নিয়ম চলি আহিছে। পিছে এইবাৰ ১৭ ছেপ্টেম্বৰৰ পৰিৱৰ্তে ১৮ ছেপ্টেম্বৰত অনুষ্ঠিত কৰা হব বিশ্বকৰ্মা পূজা। ভগৱান বিশ্বকৰ্মাৰ উপাসনা যদিও গোটেই দিনটো কৰা হ’ব, তেওঁৰ উপাসনাৰ শুভ সময় হৈছে ১৭ ছেপ্টেম্বৰৰ পুৱা ১০.১৫ বজাৰ পৰা ১.৪৩ বজালৈ। এই মুহুৰ্তত উপাসনা কৰিলে শুভ ফলাফল পোৱা যাব।