I.N.D.I.A মিত্রজোটৰ নেতা কোন হ’ব ? এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিলে কিন্তু শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰনিল বিক্ৰমসিংহই । এই উত্তৰ বিচাৰি শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গৰাকীয়ে মমতা বেনাৰ্জীক সুধিলে , আপুনিয়েই ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিৰোধীদলৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব নেকি?
শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে মমতা বেনাৰ্জীক সোধা এই প্রশ্নৰ ভিডিঅ’ ভাইৰেল হৈছে সামাজিক মাধ্যমত ।
১২ দিনীয়া ভ্রমণসূচী লৈ ডুবাই আৰু স্পেইনলৈ ৰাওনা হৈছে মমতা বেনাৰ্জী । ১৩ ছেপ্টেম্বৰ অৰ্থাৎ আজি ডুবাইৰ পৰা স্পেইন অভিমুখে উৰা মাৰে মমতা বেনাৰ্জী । স্পেইন অভিমুখী উৰাজাহাজত উঠাৰ পূৰ্বে ডুবাই বিমানবন্দৰত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰনিল বিক্ৰমসিংহৰ সৈতে সাক্ষাৎ হৈছিল মমতা বেনাৰ্জীৰ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি মতে, মমতা বেনাৰ্জী আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ সাক্ষাৎ হৈছিল ডুবাইৰ বিমানবন্দৰৰ লাউঞ্জত ।
ৰাষ্ট্ৰপতি গৰাকীৰ শুভেচ্ছাত অভিভূত হৈছিল অভিভূত হৈছিল মমতা বেনাৰ্জী । কলকাতাত হ’বলগীয়া বেংগল গ্লোবেল বিজনেছ ছামিটলৈ ও ৰাষ্ট্ৰপতি গৰাকীক আমন্ত্ৰণ জনায় মমতা বেনাৰ্জীয়ে । ইফালে মমতা বেনাৰ্জীকো ৰনিল বিক্ৰমসিংহই শ্ৰীলংকা ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনয় । এই কথোপকথনৰ মাজতে ৰনিল বিক্রম সিংহই মমতা বেনাৰ্জীক অতি বিনম্ৰতাৰে সোধে, আপুনিয়েই I.N.D.I.A মিত্রজোঁটৰ নেতৃত্ব দিব নেকি ?
ইয়াৰ উত্তৰত মমতা বেনাৰ্জীয়ে কয়, এয়া জনতাৰ ওপৰত নিৰ্ভৰশীল ।যদি আমি জনসাধাৰণৰ সমৰ্থন পাও , আমি নিশ্চয় ক্ষমতালৈ আহিম ।