এলিয়েনক লৈ আলোড়ন । মেক্সিকোত “ভিন্ন গ্ৰহৰ প্রাণীৰ মৃতদেহ”? হাতত তিনিটা আঙুলি, পেটত কণী !

মেক্সিকোৰ সংসদত এলিয়েনৰ দুটা মৃতদেহ প্ৰদৰ্শনৰ পোনপটীয়া সম্প্ৰচাৰে আলোড়নৰ সৃষ্টি কৰিছিল। বিভিন্ন মেক্সিকান সংবাদ মাধ্যমই দাবী কৰিছে বিশ্বত ।
মেক্সিকোৰ সংসদত প্ৰদৰ্শন কৰা এলিয়েনৰ মৃতদেহৰ হাতত আছে দুটা তিনিটা আঙুলি । মেক্সিকোৰ সংসদত প্রদৰ্শন কৰা এলিয়েনৰ মৃতদেহ দুটা সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। বিভিন্ন পৰীক্ষাগাৰত পৃথকে পৃথকে পৰীক্ষা-নিৰীক্ষা চলি আছে এলিয়েনৰ ।


মেক্সিকোৰ ইউএফও বিশেষজ্ঞ তথা সাংবাদিক জেমি মচানে জানিবলৈ দিয়ামতে, নেচনেল অটোনোমাস ইউনিভার্সিটি অফ মেক্সিকোত ডিএনএ পরীক্ষাৰ বাবে পঠিওৱা হৈছে এলিয়েনৰ মৃতদেহ দুটা ।
এই সন্দৰ্ভত জেমীয়ে কয় যে, যে ডিএনএ পৰীক্ষাই মৃতদেহ দুটা অতি কমেও এহেজাৰ বছৰ পুৰণি হব বুলি উল্লেখ কৰিছে । পেৰুৰ কাস্কো চহৰৰ পৰা উদ্ধাৰ কৰা হৈছিল এলিয়েনৰ মৃতদেহ দুটা । বিজ্ঞানীসকলে পৃথিৱীৰ কোনো জন্তুৰ সৈতে এই দুটা এলিয়েনৰ ডি এন এ ৰ নমুনাৰ মিল নাই বুলি উল্লেখ কৰিছে।


ডিএনএ পৰীক্ষাৰ প্ৰতিবেদনত প্রকাশিথ তথ্য মতে , যে ভিন্নগ্ৰহৰ এই দুটা প্ৰাণীৰ মৃতদেহৰ ৩০ শতাংশ ভৌতিক গাঁথনি বিজ্ঞানীসকলৰ বাবে অজ্ঞাত। পৃথিৱীৰ কোনো জন্তুৰ নমুনাৰ লগত মিল নাই মেক্সিকোত প্রদৰ্শন কৰা এলিয়েনৰ মৃতদহৰ ।
ইয়াৰ উপৰিও এলিয়েনৰ এক্স-ৰে প্রতিবেদনতো পোহৰলৈ আহিছে অধিক আকৰ্ষণীয় তথ্য । এটা এলিয়েনৰ শৰীৰৰ ভিতৰত ‘কণী’ৰ দৰে থকা বস্তু এটাৰ ছবি পোহৰলৈ আহিছে এক্সেৰ প্রতিবেদনত ।
মেক্সিকোৰ সদনত প্ৰদৰ্শন কৰা সংৰক্ষিত মৃতদেহ দুটা ভিন্নগ্ৰহৰ হোৱাৰ সম্ভাৱনা অধিক ।


আন একাংশ বিজ্ঞানীয়ে ইউএফঅ’ বিশেষজ্ঞ মাচানৰ দাবীক কোনোধৰণৰ গুৰুত্ব দিয়া নাই । পূৰ্বেও এলিয়েন বা ভিন্নগ্ৰহৰ প্রাণীক লৈ কেইবাটাও ভুৱা খবৰ প্রচাৰ কৰাৰ অভিযোগ আছে।
অৱশ্যে, মেক্সিকোৰ সংসদৰ পোনপটীয়া সম্প্ৰচাৰত প্ৰমাণ সহ এলিয়েন সন্দৰ্ভত কৰা এনে দাবীয়ে বিশ্ববাসীক হতবাক কৰি তুলিছে। ইফালে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থাৰ মতে এলিয়েন থাকিব পাৰে কিন্তু এলিয়েনৰ অস্তিত্ব নাই।

alienDNAMEXICOUFO
Comments (0)
Add Comment