শুকুৰবাৰে উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাত এটা নিৰ্মীয়মান অট্টালিকাৰ লিফ্ট খহি ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন পাঁচজন লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ আহিছে। অমৰাপালি বিল্ডাৰ্চে গৌৰ চিটিত নিৰ্মাণ কৰি থকা অট্টালিকা এটাত এই কৰুণ ঘটনাটো সংঘটিত হয়।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি আহত লোক কেইজনক হাস্পতালত ভৰ্তি কৰোৱায়।
‘৪ জন লোকৰ মৃত্যু হৈছে। ৫ জন লোক সংকটজনক অৱস্থাত চিটি হাস্পতালত চিকিৎসাধীন হৈ আছে। আমাৰ দল চিকিৎসালয়ত উপস্থিত আছে। বিষয়াসকলো দুৰ্ঘটনাস্থলীত উপস্থিত আছে আৰু সম্প্ৰতি তাত কোনো লোক আবদ্ধ হৈ থকা নাই’, জিলা দণ্ডাধীশ মনীষ বাৰ্মাই সংবাদ মাধ্যমক এই কথা অৱগত কৰে।
ইয়াৰ উপৰি আহতসকলক উপযুক্ত চিকিৎসা প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি কি কাৰণত এই ঘটনা সংঘটিত হ’বলৈ পালে তাৰ তদন্ত ঘোষণা কৰা হৈছে বুলিও কয়।