কাইলৈ অৰ্থাৎ ১৭ ছেপ্টেম্বৰত দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জন্মদিন । জন্মদিনৰ দিনটোত প্রধানমন্ত্রী মোডীয়ে দেশবসীলৈ আগবঢ়াব এটা ডাঙৰ উপহাৰ । প্রধানমন্ত্রী মোডীয়ে দেশবাসীলৈ জনমদিনৰ উপহাৰ হিচাপে আগবঢ়াব ‘যশোভূমি’
যশোভূমি হৈছে এছিয়াৰ সবাটোকৈ ডাঙৰ কনভেনচন এণ্ড এক্স্প’ চেণ্টাৰ। দিল্লীৰ দ্বাৰকা অঞ্চলত সাজি উলিওৱা এই বিশাল ভৱনটোৰ এটা অংশ প্রধানমন্ত্রী মোডীৰ জন্মদিন উপলক্ষে কাইলৈ মুকলি কৰিব পৰাকৈ সাজু কৰি তুলিছে প্রশাসনে ।
১১ হাজাৰ লোক একেলগে বহিব পৰা যশোভূমিত আছে ১৫ টা কনভেনচন ৰুম আৰু ১৩ টা সভা কক্ষ ।
৮.৯ লাখ বৰ্গকিলোমিটাৰ এলেকাত নিৰ্মান কৰা যশোভূমি প্রকল্পৰ কনভেচন চেণ্টাৰত একেলগে ১১ হাজাৰ লোক বহিব পাৰিব । মূল প্ৰেক্ষাগৃহত ৬ হাজাৰ অতিথি বহিব পৰা ব্যৱস্থা আছে। যশোভূমিৰ ৮ টা মহলাৰ ১৩ টা সভাকক্ষত ডাঙৰ ডাঙৰ সভা আয়োজন কৰিব পাৰিব । বিশ্বমানৰ যশোভূমি কনভেনচন চেণ্টাৰ সজাই পৰাই তোলা হৈছে ভাৰতীয় সংস্কৃতি প্রতিফলিত কৰিব পৰা বিভিন্ন সামগ্ৰীয়ে ।
ইয়াৰ উপৰিও যশোভূমিত নিৰ্মান কৰা হৈছে বিশাল প্রদৰ্শনী হল । তামেৰে বিশেষ ভাবে ডিজাইন কৰা প্রদৰ্শনী হলৰ চিলিং । জনসাধাৰণৰ সুবিধা হোৱাকৈ যশোভূমিক সংযোগ কৰিব মেট্ৰ’ ষ্টেচনৰ সৈতে । কাইলৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে দ্বাৰকা ছেক্টৰ ২১ আৰু দ্বাৰকা ছেক্টৰ ২৫ ৰ মাজত এটা নতুন মেট্ৰ’ ষ্টেচন উদ্বোধন কৰিব ।