অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পুনৰ এবাৰ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াক চোকা ভাষাৰে সমালোচনা কৰিছে। ডি এম কে নেতা উদয়ানিধি ষ্টেলিন, এ ৰাজা আৰু কে পনমুডীয়ে সনাতন ধৰ্ম সন্দৰ্ভত বিৰূপ মন্তব্য কৰাৰ পিছতো তেওঁলোকৰ দলটোক মিত্ৰজোঁটৰ পৰা কিয় বাহিৰ কৰি দিয়া নাই বুলি ৰাহুল গান্ধীলৈ প্ৰশ্ন কৰে হিমন্ত বিশ্ব শৰ্মাই।
আজি মধ্যপ্ৰদেশৰ কাটনীত এক জনসভাত অংশ লৈ মখ্যমন্ত্ৰী শৰ্মাই কয়, ‘কংগ্ৰেছে নতুন মিত্ৰতা গঢ়ি তুলিছে আৰু ইয়াৰ নাম কিবা ইণ্ডি.. ৰাখিছে। এই মিত্ৰজোঁটৰ পিছৰে পৰা তেওঁলোকে ক’বলৈ ধৰিলে যে আমি ভাৰত হৈ পৰিছো। ইয়াৰ বাবেই আমি নিৰ্বাচনত জয়ী হম। কাইলৈ যদি মই মহাত্মা গান্ধীৰ নাম লওঁ, তেন্তে মই মহাত্মা গান্ধী হ’ব পাৰিমনে? নেতাজী সুভাষ চন্দ্ৰ বসুৰ নাম লৈ ল’লে নেতাজী হম নেকি?’
হিমন্ত বিশ্ব শৰ্মাই লগতে আৰু কয়, ‘তামিলনাডুত আছে এই মিত্ৰতাৰ অংশীদাৰী দল ডি এম কেৰ চৰকাৰ। কংগ্ৰেছো ইয়াৰ এটা অংশ। এজন নেতাই (উদয়ানিধি ষ্টেলিনে) সনাতনক মেলেৰিয়া আৰু এ ৰাজাই এইডছ বুলি অভিহিত কৰিছে। পিছত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই কয় যে হিন্দু ধৰ্মৰ কোনো মৰ্যাদা নাই।‘
বিৰোধী মিত্ৰজোঁটৰ বিভিন্ন নেতাই প্ৰদান কৰি অহা এনেধৰণৰ মন্তব্যক সমালোচনা কৰি শৰ্মাই কয় যে ভাৰতত যি উন্নয়ন হৈছে সেয়া হিন্দু মানুহৰ বাবেই হৈছে। ৰাহুল গান্ধীৰ বন্ধুসকলে সনাতনক মেলেৰিয়া আৰু এইডছ বুলি অভিহিত কৰিছে। যদি আপুনি (ৰাহুল গান্ধী) এই লোকসকলৰ (ষ্টেলিন আৰু এ ৰাজা)ৰ লগত নাই, তেন্তে ডি এম কেক মিত্ৰতাৰ বাহিৰত ৰাখক।