এগৰাকী মানুহক জীৱন কালত কিমান ধন সম্পত্তিৰ প্রয়োজন ? কিমান ধন সম্পত্তি হ’লে এজন ব্যক্তি সুখী হব পাৰে ? কিছু সংখ্যক ব্যক্তিয়ে এই ক্ষেত্রত হাতে কামে দাঙি ধৰিছে উদাহৰণ ।
শেহতীয়াকৈ জীৱনৰ কষ্টোপাৰ্জিত ৫১ লাখ টকা নিজ ৰাজ্যৰ উন্নয়নৰ বাবে দান দি চৰ্চা লৈ আহিছে হিমাচল প্রদেশৰ কংগ্ৰেছৰ মুখ্যমন্ত্রী সুখবিন্দৰ সিং সুখু ।
প্রাকৃতিক দুৰ্য্যোগে তচনচ কৰা হিমাচল প্ৰদেশৰ লোকসকলক পুনৰ সংস্থাপনৰ বাবে উদাহৰণ দেখুৱাইছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে । মুখ্যমন্ত্রী গৰাকীয়ে তিনিটা ব্যক্তিগত একাউণ্টৰ পৰা ৫১ লাখ টকা আগবঢ়াইছে ৰাজ্যখনৰ দুৰ্গত সকলৰ সহায়ৰ বাবে । মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে পত্নী কমলেশ ঠাকুৰৰ সৈতে ৫১ লাখ টকাৰ এখন চেক প্রদান কৰে ৰাজ্যখনৰ মুখ্য সচিব প্ৰবোধ চাক্সেনাৰ হাতত । চাৰিবাৰকৈ বিধায়ক হোৱা সুখবিন্দৰ সিং সুখু প্রথমবাৰৰ বাবে হিমাচল প্রদেশৰ মুখ্যমন্ত্রীৰ আসন অলংকৃত কৰিছে । বিধায়ক হৈ থাকোতে মুখ্যমন্ত্ৰী সুখুৱে ব্যৱহাৰ কৰিছিল এখন সাধাৰণ অল্টো গাড়ী । মুখ্যমন্ত্ৰী হোৱাৰ পাছতো মুখ্যমন্ত্রী সুখু বিধানসভাত
উপস্থিত হৈছিল অল্টো গাড়ীৰে ।
শেহতীয়াকৈ প্রাকৃতিক দুৰ্য্যোগত বিধস্ত হৈ পৰা ৰাজ্যখনৰ উন্নয়নৰ বাবে ৰাজ্যখনৰ কনকন শিশু সকলেও তেওলোকৰ সঞ্চয়ৰ পৰাও ধন আগবঢ়াইছে দুৰ্য্যোগ সাহায্য পুজিলৈ ।
হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুৱে কয় যে দুৰ্যোগৰ এই সময়ত আনকি সৰু ল’ৰা-ছোৱালীয়েও তেওঁলোকৰ পিগি বেংক ভাঙি দুৰ্যোগ সাহায্য পুঁজিলৈ দান কৰিছে। মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে পূৰ্বৰ জয়ৰাম চৰকাৰৰ সময়তো তেওঁ কৰোনা কালত কোভিড ৰিলিফ ফাণ্ডলৈ আগবঢ়াইছিল দৰমহাৰ ধন ।
হিমাচল প্রদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে কেন্দ্ৰীয় চৰকাৰক হিমাচলৰ দুৰ্যোগক ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰিবলৈ নিৰন্তৰ দাবী জনাই আহিছে যদিও এতিয়ালৈকে এই ক্ষেত্রত কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই কেন্দ্ৰীয় চৰকাৰে। মুখ্যমন্ত্রী গৰাকীয়ে আশা প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে সহায় কৰিব হিমাচল প্রদেশক।