স্বচ্ছ আৰু নিকা পদ্ধতিৰে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰি ৰাজ্যৰ হাজাৰ-হাজাৰ নিবনুৱা যুৱক-যুৱতীক বিভিন্ন বিভাগত সংস্থাপন দিয়া বুলি ৰাজ্য চৰকাৰে কৰা দাবীক মিথ্যাচাৰ আখ্যা দি অসম জাতীয় পৰিষদে ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে।
সম্পূৰ্ণ নিকা আৰু স্বচ্ছ পদ্ধতিৰে নিযুক্তি দিয়াৰ পিছতো কেনেদৰে ৫৬ বছৰ বয়সৰ লোকেও নিযুক্তি লাভ কৰিলে তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে অসম জাতীয় পৰিষদে।
দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই স্বাক্ষৰ কৰা এক বিবৃতিত চৰকাৰী চাকৰিৰ বাবে নিৰ্ধাৰণ কৰা বয়সৰ উচ্চতম সীমা অতিক্ৰম কৰাৰ পিছতো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জালুকবাৰী সমষ্টিৰ বহু কেইজন প্ৰাৰ্থীয়ে নিযুক্তি পোৱা বুলি অভিযোগ উত্থাপন কৰিছে।
কেৱল বয়স উকলি যোৱা প্ৰাৰ্থীয়ে চাকৰি লাভ কৰাই নহয় দলটোৱে ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ নিযুক্ত প্ৰক্ৰিয়াটোকলৈও প্ৰশ্ন উত্থাপন কৰিছে।
দলটোৱে প্ৰকাশ কৰা বিবৃতি অনুসৰি বয়স উকলি যোৱাৰ পিছতো জালুকবাৰী সমষ্টিৰ জোণালী ভড়ালী দাস, নিপজ্যোতি বৈশ্য ওৰফে সঞ্জীৱ বৈশ্য, হৰকান্ত বৈশ্য, চৈতেন্দ্ৰ দাস, অজিত দাস নামৰ লোক কেইজনে শেহতীয়াকৈ নিযুক্তি লাভ কৰিছে।
ইয়াৰে ৪৮ বছৰীয়া জোণালী ভড়ালী দাসে লখিমপুৰ মেডিকেল কলেজত নিযুক্তি লাভ কৰাৰ কিছুদিন পিছতে কোনো অদৃশ্য শক্তিৰ কৃপাত শুৱালকুছি মহাত্মা গান্ধী এফ আৰ ইউলৈ বদলি হৈ অহাৰো অভিযোগ আনে।
আনহাতে ৪৬ বছৰীয়া নিপজ্যোতি বৈশ্যই GMCHত গাড়ী চালক হিচাপে, ৫৬ বছৰীয়া হৰকান্ত বৈশ্যই ডিব্ৰুগড়ৰ AMCHত, ৫১ বছৰীয়া চৈতেন্দ্ৰ দাসে লখিমপুৰ মেডিকেল কলেজত আৰু ৫৬ বছৰীয়া অজিত দাসে তেজপুৰ মেডিকেল কলেজত নিযুক্তি লাভ কৰা বুলি স্পষ্টভাৱে বিবৃতিটোত উল্লেখ আছে।
উল্লেখ্যে যে, মুখ্যমন্ত্ৰী ড০ শৰ্মাই নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰী হোৱা নাই বুলি সদনত দাবী কৰাৰ লগতে ইয়াত অনিয়ম সংঘটিত হোৱা বুলি কোৱাসকলৰ পাপ লাগিব বুলি মন্তব্য কৰিছিল।
ইয়াৰ প্ৰত্যুত্তৰতে অসম জাতীয় পৰিষদে এই তথ্য ৰাজহুৱা কৰি বিবৃতিত কয়, ”আমি কৈছো যে স্বচ্ছ আৰু নিকাৰ পৰিভাষা বেলেগ। টকা খাই চাকৰি প্ৰদান কৰাটো হ’ল এক প্ৰকাৰৰ দুৰ্নীতি-অনিয়ম আৰু টকা নাখাই বেআইনীভাৱে চাকৰি প্ৰদান কৰাটোও এটা দুৰ্নীতি-অনিয়ম’।
আনহাতে যিসকলে চাকৰি পাইছে তেওঁলোকৰ নামৰ তালিকা ৰাজহুৱা কৰিছিলনে? কিমান নম্বৰ পাইছে, চাকৰি নোপোৱাসকলে কিমান নম্বৰ পাইছিল, নিযুক্তি পৰীক্ষাৰ কাট অফ মাৰ্ক কিমান আছিল সেই বিষয়ে তথ্য ৰাজহুৱা কৰিছিল নে নাই সেই বিষয়ে প্ৰশ্ন উত্থাপন কৰিছে অসম জাতীয় পৰিষদে।
নিযুক্তি প্ৰক্ৰিয়াত অনিয়ম হোৱা বুলি এটাও যদি প্ৰমাণ দিব পাৰে তেন্তে যি তদন্ত লাগে তাকেই দিম বুলি মুখ্যমন্ত্ৰীয়ে সদনত কৰা ঘোষণাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি জাতীয় পৰিষদে তথ্য সহকাৰে দাঙি ধৰা প্ৰমাণ সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব।