অভিনেত্ৰী জেৰিন খানৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি; ইভেণ্ট কোম্পানীৰ অভিযোগত আদালতৰ নিৰ্দেশ

বলীউডৰ অভিনেত্ৰী জেৰিন খান সন্দৰ্ভত আহিছে এক চাঞ্চল্যকৰ খবৰ। জানিব পৰা অনুসৰি কলকাতাৰ শিয়ালদহ আদালতে জেৰিন খানৰ নামত গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে।

প্ৰকৃততে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে এটা কোম্পানীয়ে অভিযোগ দাখিল কৰিছিল।

২০১৮ চনত কেইবাটাও ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ অভিযোগত অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হয়। অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে কলকাতা আৰু উত্তৰ ২৪ পৰগনাত ৬ টা কালী পূজাৰ কাৰ্যসূচীত অংশ নোলোৱাৰ অভিযোগ উত্থাপন হৈছিল।

এই অভিযোগ এটা ইভেণ্ট মেনেজমেণ্ট কোম্পানীৰ হৈ নাৰ্কেলডাঙা থানাত দাখিল কৰা হৈছে। ইয়াৰ পিছতে নাৰ্কেলডাঙা আৰক্ষীয়ে শিয়ালদহ আদালতত অভিযোগনামা দাখিল কৰে।

সম্প্ৰতি এই বিষয়টো সন্দৰ্ভত অভিনেত্ৰী জেৰিন খানে একো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

উল্লেখ্য যে, ২০১০ চনত ছলমান খানৰ সৈতে ‘বীৰ’ ছবিৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰিছিল জেৰিন খানে।

Comments (0)
Add Comment