উত্তৰ প্ৰদেশৰ বৰেলী জিলাৰ আৰক্ষীয়ে এটা পুৰণি শিৱ মন্দিৰত নামাজ পঢ়াৰ অভিযোগত এগৰাকী মুছলমান মহিলা আৰু তেওঁৰ কন্যাক গ্ৰেপ্তাৰ কৰে।
ভুটা আৰক্ষীয়ে কেশৰপুৰ গাঁওস্থিত মন্দিৰত নামাজ পঢ়িবলৈ প্ৰেৰণা দিয়াৰ অভিযোগত এজন মৌলৱীকো গ্ৰেপ্তাৰ কৰে।
আৰক্ষীয়ে গাঁওখনৰ মুৰব্বী স্বামী প্ৰেম সিঙৰ পৰা অভিযোগ পোৱাৰ পিছত আটক কৰিছিল অভিযুক্তক। শুকুৰবাৰে সংঘটিত হৈছিল এই ঘটনা।
মাতৃ-কন্যাই জনোৱা অনুসৰি তেওঁলোকে ধৰ্মগুৰুৰ পৰামৰ্শ অনুসৰি মন্দিৰত নামাজ পঢ়িছিল তেওঁলোকে।
আৰক্ষীয়ে আটক কৰা কেইজন- নাজিৰা (৩৮), তেওঁৰ কন্যা চাবিনা (১৯) আৰু ধৰ্মগুৰু চমন শ্বাহ মিয়ানক গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীয়ে এটা সম্প্ৰদায়ৰ ধৰ্মীয় অনুভূতিত আঘাত আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগত এজাহাৰ দাখিল কৰি তদন্ত আৰম্ভ কৰিছে।