ভয়ংকৰঃ মাজ আকাশৰ পৰা ভাঙি পৰিল যাত্ৰীবাহী বিমান; প্ৰাণ গ’ল ১৪জন লোকৰ

ব্ৰাজিলৰ আমাজনত সংঘটিত এক ভয়ংকৰ বিমান দুৰ্ঘটনাত ১৪ জন লোকে প্ৰাণ হেৰুৱাইছে। ব্ৰাজিল চৰকাৰৰ তৰফৰ পৰা এই তথ্য প্ৰদান কৰা হৈছে।
ৰাজধানী মানাউছৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত বাৰ্চেলছ প্ৰদেশত সংঘটিত হয় এই দুৰ্ঘটনা। মৃত্যু হোৱাসকলৰ ভিতৰত দুজন ক্ৰু সদস্যও আছে।


শনিবাৰে সংঘটিত হোৱা দুৰ্ঘটনাটোত বিমানখনত থকা ১২ জন যাত্ৰী আৰু দুজন ক্ৰু মেম্বাৰৰ মৃত্যু হয়।
জানিব পৰা অনুসৰি, বিমানখন মানাউছৰ পৰা বাৰ্চিলোনালৈ গৈ থকা সময়তে বিমানখন আকাশৰ মাজৰ পৰা হঠাতে ভাঙি পৰি মাটিত খুন্দা মাৰে।


দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকসকল কোন দেশৰ নাগৰিক সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই। ব্ৰাজিলৰ একাংশ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি নিহতসকলৰ ভিতৰত আছে আমেৰিকান নাগৰিক।
মানাউছ এৰোটেক্সি বিমান সংস্থাই এক বিবৃতিযোগে এই দুৰ্ঘটনা নিশ্চিত কৰিছে।

অৱশ্যে বিমান সংস্থাসমূহে মৃত্যু আৰু আহত হোৱা লোকৰ সংখ্যা নিশ্চিত কৰা নাই।
ইফালে আমাজনৰ গৱৰ্ণৰ উইলছন লিমাই এই দুৰ্ঘটনাটোক লৈ দুখ প্ৰকাশ কৰে।

Comments (0)
Add Comment