পণ্ডিত নেহৰু আৰু সাংবাদিকৰ বিষয়ে কি ক’লে প্রধানমন্ত্রী মোডীয়ে ।

আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ ৫ দিনীয়া বিশেষ অধিবেশন । অধিবেশনৰ প্রথম দিনা সংসদত ভাষণ দি প্রধানমন্ত্রী মোডীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে ।
দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ ভাষণেৰে আৰম্ভ হয় সংসদৰ বিশেষ অধিবেশন । ভাষণ প্রসংগত প্রধানমন্ত্রী মোডীয়ে কয় যে, পুৰণি সংসদ ভৱনৰ লগত বহু স্মৃতি জড়িত হৈ আছে । পুৰণি সংসদ ভৱনৰ পৰা নতুন সংসদ ভৱনলৈ যোৱাটো এক আবেগিক মুহুৰ্ত । G20 ৰ সফল আয়োজন আৰু চন্দ্ৰযান ৩ ৰ জোনবাইত সফল অৱতৰণৰ বিষয়েও ভাষণ প্রসংগত উল্লেখ কৰে প্রধানমন্ত্রী গৰাকীয়ে ।

প্রধানমন্ত্রী মোডীৰ ভাষণত স্থান লাভ কৰা কেইটামান গুৰুত্বপূৰ্ণ বিষয় ।
১) সদনলৈ বিভিন্ন সময়ত বিভিন্নজনে ভিন্ন ধৰণে অৱদান আগবঢ়াইছে । সংসদে ৭৫ বছৰীয়া যাত্রাত সাধাৰণ মানুহৰ বিশ্বাস অক্ষুণ্ন ৰাখিবলৈ সক্ষম হৈছে । এই ৭৫ বছৰীয়া যাত্রাত পণ্ডিত নেহৰুৰ পৰা আৰম্ভ কৰি এতিয়ালৈক সকলো নেতাকে মহিমামণ্ডিত কৰাৰ সুযুগ প্রদান কৰিছে । সদনৰ শক্তিৰে দেশখন আগবাঢ়ি গৈছে ।
২) বিশ্বৰ বন্ধু হিচাপে ভাৰতে নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে । সব কা সাথ সব কা বিকাশ হৈ পৰিছে বিশ্ব মন্ত্র । G 20 ৰ সফলতা হৈছে ভাৰতৰ সফলতা ।
৩) সংসদৰ অতীতৰ স্মৃতি ৰোমন্থন কৰি প্রধানমন্ত্রী মোডীয়ে ,নিজ কাৰ্যকালৰ সময়তে তিনিগৰাকী প্রধানমন্ত্রীয়ে ইহলীলা সম্বৰণ কৰাৰ কথাও সোঁৱৰণ কৰে । প্রধানমন্ত্রী মোডীয়ে ভাষণ প্রসংগত, লোকসভাৰ অধ্যক্ষক অভিনন্দন জনোৱাৰ লগতে , সদনৰ কৰ্মচাৰী সকলক প্রণাম জনায় ।
৪) সংসদত হোৱা আক্রমণৰ কথা সোঁৱৰণ কৰি প্রধানমন্ত্রী গৰাকীয়ে কয় যে, এই ঘটনা দেশে পাহৰিব নোৱাৰে । এই আক্রমণ সংসদৰ ওপৰত আক্রমণ নহয় , এই আক্রমণ দেশৰ আত্মাৰ ওপৰত আক্রমণ ।
৫) সংসদৰ কামকাজ জনসাধাৰণৰ মাজলৈ লৈ যোৱাত সাংবাদিক সকলেও গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে । সংসদৰ বাতৰি পৰিবেশন কৰা সাংবাদিক সকলৰ নাম নাজানিলেও তেওঁলোকৰ কামক পাহৰিব নোৱাৰি ।

সংসদৰ বিশেষ অধিৱেশনত অংশ গ্ৰহণ কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে কয় যে সংসদৰ পাঁচদিনীয়া বিশেষ অধিৱেশন “সৰু কিন্তু গুৰুত্বপূৰ্ণ”। তেওঁ জি-২০ আৰু চন্দ্ৰযানৰ সফলতাৰ বিষয়টোও উত্থাপন কৰিছিল।

chandrayan-3G-20MODI
Comments (0)
Add Comment