ইণ্ডিয়া মিত্ৰজোঁটত মোক্ষম আঘাত! কেৰালা, বংগত CPI-Mৰ মিত্ৰতা অস্বীকাৰ

২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক ৰোধ কৰিবলৈ গঠন হোৱা ‘ইণ্ডিয়া’ মিত্ৰজোঁটত লাগিল অথন্তৰ। ‘ইণ্ডিয়া’ মিত্ৰজোঁটক একাষৰীয়া কৰি পশ্চিমবংগ আৰু কেৰালাত নিৰ্বাচনত অকলেই অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত চি পি আই-এমৰ।

দুয়োখন ৰাজ্যতে ইয়াৰ মূল প্ৰতিদ্বন্দ্বী হৈছে মমতা বেনাৰ্জীৰ তৃণমূল আৰু কংগ্ৰেছ।

এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি, চি পি আই-এমে বংগত কংগ্ৰেছ আৰু তৃণমূল দুয়োটা দলৰ পৰা দূৰত্ব বজাই ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

সূত্ৰটোৱে জনোৱা মতে, দিল্লীত চিপিএম পলিটব্যুৰোৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সূত্ৰটোৱে লগতে দাবী কৰিছে যে এই সিদ্ধান্তসমূহ বিৰোধীৰ ভোটৰ বিভাজন যাতে নহয় তাৰ বাবে লোৱা কৌশলৰ অংশ।

উল্লেখ্য যে, যোৱা সপ্তাহত ‘ইণ্ডিয়া’ সমন্বয় সমিতিৰ বৈঠকত অংশ লোৱা নাছিল চি পি আই-এমে।

Comments (0)
Add Comment