পুনৰ অশান্ত মণিপুৰ; অপহৰণ কৰি নি সেনা জোৱানক নৃশংসভাৱে হত্যা

হিংসাজৰ্জৰ মণিপুৰৰ পৰা আহিছে আন এক নিষ্ঠুৰতাৰ ঘটনা। এইবাৰ মণিপুৰত এজন সেনা জোৱানক নৃশংসভাৱে হত্যা কৰাৰ তথ্য পোহৰলৈ আহিছে।

জানিব পৰা অনুসৰি, বন্দুকধাৰী এটা দলে জোৱানজনক প্ৰথমে ঘৰৰ পৰা অপহৰণ কৰি নিয়ে আৰু তাৰ পিছত হত্যা কৰে।

আৰক্ষীৰ মতে, এই ঘটনা ১৬ ছেপ্টেম্বৰত সংঘটিত হৈছিল। ৰাতিপুৱা প্ৰায় ১০ বজাত কিছু দুস্কৃতিকাৰীয়ে জোৱানজনৰ ঘৰত প্ৰৱেশ কৰে। দুষ্কৃতিকাৰীয়ে তেওঁক পিষ্টলেৰে গুলীওৱাৰ ভাবুকি প্ৰদান কৰি বগা গাড়ী এখনত বহাই অজ্ঞাত স্থানলৈ লৈ যায়।

ইয়াৰ পিছত এই তথ্য ততাতৈয়াকৈ আৰক্ষীক দিয়া হয়। জোৱানজনৰ সন্ধানত আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰে যদিও পিছদিনা পুৱালৈকে তেওঁৰ সন্ধান লাভ কৰিবলৈ সক্ষম নহ’ল।

কিন্তু ১৭ ছেপ্টেম্বৰত পুৱা প্ৰায় ৯.৩০ বজাত ইম্ফল ইষ্টৰ ছ’গোলমাং থানাৰ অন্তৰ্গত মংজামৰ পূব দিশৰ খুনিংথেক গাঁৱত কনিষ্টবল ছৰটো থাংথাং কমৰ মৃতদেহ উদ্ধাৰ হয়।

এই হত্যাকাণ্ডটো মণিপুৰত চলি থকা হিংসাত্মক ঘটনাৰ সৈতে জড়িত নে আন কিবা তাক লৈ তদন্ত চলি আছে যদিও এই ঘটনাই নিশ্চিতভাৱে গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে।

#manipurgovt
Comments (0)
Add Comment