ভয়ংকৰ দুৰ্ঘটনা; দ খাৱৈত বাগৰিল যাত্ৰীবাহী বাছ, ৮জন যাত্ৰীৰ মৃত্যু

মঙলবাৰে বিয়লি পঞ্জাৱৰ মুক্তচৰত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। অমৃতসৰ অভিমুখী এখন ব্যক্তিগত বাছ দ খাৱৈত বাগৰি পৰাত ৮ জন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আন ১১ জন লোক আহত হয়।

স্থানীয় প্ৰশাসনে জনোৱা মতে, এই বাছখন দিনৰ ১ বজাত মুক্তচৰ বাছ ষ্টেণ্ডৰ পৰা কোটকাপুৰালৈ যাত্ৰা কৰাৰ কিছু সময় পিছতেই অৰ্থাত দুপৰীয়া প্ৰায় ১.২৫ বজাত দ খাৱৈত বাগৰি পৰে।

আন এটা সূত্ৰই জনোৱা মতে, বৰষুণৰ বাবে বাছ চালকজনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়।

উদ্ধাৰ অভিযানৰ সময়ত ঘটনাস্থলত উপস্থিত থকা এজন স্থানীয় বাসিন্দাই সংবাদ মাধ্যমৰ আগত কয়, ‘এইপথটোৰ অৱস্থা সন্তোষজনক নহয় আৰু কিছু পৰিমাণে পানীও জমা হৈছিল, যাৰ ফলত হয়তো এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হয়’।

‘মই দ খাৱৈটোৰ পৰা কমেও পাঁচটা মৃতদেহ উলিয়াই অনা দেখিছো। লগতে কিছু লোকক উটি যোৱা দেখা গৈছে। প্ৰথম অৱস্থাত ওচৰৰ গাঁওবাসীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল যদিও পিছত বৃহৎ সংখ্যক আৰক্ষী সেই স্থানত উপস্থিত হৈ বাছখন উদ্ধাৰ কৰে’।

মুক্তচৰৰ উপ-চিকিৎসা আয়ুক্ত ডাঃ বন্দনা বঞ্চালে কয় যে আহত আটাইকেইজন যাত্ৰীক মুক্তচৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

Comments (0)
Add Comment