এছিয়ান গেমছত চীনৰ বিৰুদ্ধে ৫-১ গ’লৰ ব্যৱধানত পৰাস্ত হ’ল ভাৰতীয় ফুটবল দল

২০২৩ চনৰ এছিয়ান গেমছত ভাৰতীয় ফুটবল দলটো চীনৰ হাতত ৫-১ গ’লত পৰাস্ত হয়। সুনীল ছেত্ৰী নেতৃত্বাধীন ভাৰতীয় দলটোৱে চীনৰ বিৰুদ্ধে মাত্ৰ এটা গ’লহে দিবলৈ সক্ষম হয়।

এই খেলখন হাংঝোৰ হুয়াংলং স্প’ৰ্টছ চেণ্টাৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। ভাৰতীয় ফুটবল দলটোৱে ২০১৪ চনৰ পিছত এছিয়ান গেমছত খেলিবলৈ সুযোগ পাইছিল যদিও আৰম্ভণি সুখকৰ নহ’ল।

ভাৰতৰ হৈ একমাত্ৰ গ’লটো দিয়ে ৰাহুল কেপিয়ে। ইয়াৰ পূৰ্বে ২১ বছৰ পূৰ্বে এছিয়ান গেমছত দুয়োটা দল মুখামুখি হৈছিল।

আজিৰ খেলখনৰ কথা যদি কওঁ, চীনে আৰম্ভণিৰে পৰাই ভাৰতক আক্ৰমণেৰে শলঠেকত পেলাইছিল। খেলখনৰ ১৭ মিনিটত চীনৰ হৈ টিয়ানিয়ে প্ৰথমটো গ’ল দিয়ে।

ভাৰতৰ ৰাহুল কে পিয়ে প্ৰথমাৰ্ধৰ অতিৰিক্ত সময়ত গ’ল দি ১-১ গ’লত সমতালৈ আনে। এনেদৰে প্ৰথমাৰ্ধত ভাৰত আৰু চীনৰ মাজত ১-১ গ’লত সমতা অব্যাহত থাকে।

দ্বিতীয়াৰ্ধ আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছতে অৰ্থাৎ ৫১ মিনিটত দ্বিতীয়টো গ’ল চীনে কৰে। চীনৰ হৈ দ্বিতীয়টো গ’ল দিয়ে দাই ৱেইজুনে। এই গ’লৰ জৰিয়তে চীনে ২-১ গ’লত অগ্ৰগতি লাভ কৰে।

ইয়াৰ পিছত ধাৰাবাহিকভাৱে এটাৰ পিছত আন এটা আক্ৰমণ অব্যাহত ৰাখে চীনে। ৭২ মিনিটত চীনৰ হৈ টাও কিয়াংলঙে তৃতীয়টো গ’ল দি দলটোক ৩-১ গ’লত অগ্ৰগতি প্ৰদান কৰে। তাৰ পাছত মাত্ৰ তিনি মিনিটৰ পাছতে খেলখনৰ ৭৫ মিনিটত টাও কিয়াংলঙে দ্বিতীয়টো গ’ল আৰু চীনৰ হৈ চতুৰ্থটো গ’ল দিয়ে।

মেচৰ শেষত ইঞ্জুৰি টাইমত চীনৰ হৈ হাও ফেঙে পঞ্চমটো গ’ল দি ৯৯ নং ফিফাৰ ৰেংকিঙৰ ভাৰতীয় দলটোক ৫-১ গ’লত পৰাস্ত কৰে।

ASIANGAMESFOOTBALL
Comments (0)
Add Comment