দুহাতৰ শক্তি আৰু দৃঢ় মনোবলেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল বঙাইগাওঁৰ যুৱক প্রণৱ।

মনোবল থাকিলে হাজাৰ বাধাকো নেওচি সফলতা লাভ কৰিব পাৰে সেই কথা পুনৰবাৰ প্রমাণ কৰিলে বঙাইগাওঁৰ সিদলসতী খোৰাপাৰা গাওঁৰ যুৱক প্রণৱজ্যোতি ৰয়ে।

দিন হাজিৰা কৰি জীৱন সংগ্ৰাম চলোৱা প্রণৱে চিকিমত অনুষ্ঠিত ৪১ সংখ্যক ৰাষ্ট্ৰীয় পাঞ্জা প্রতিযোগিতাত অংশগ্ৰহণ কৰি দুটাকৈ পদক আজুৰি আনিবলৈ সক্ষম হয় ।

কোনো ধৰণৰ প্রশিক্ষক আৰু অনুশীলনৰ বাবে প্রয়োজনীয় সামগ্ৰী নোহোৱাকৈয়ে ৰাষ্ট্ৰীয় পাঞ্জা প্রতিযোগিতাৰ বাবে প্রস্তুতি চলাইছিল প্রণৱ ৰয়ে ।

দিন হাজিৰা কৰাৰ পাছত যিখিনি আজৰি সময় পায় সেই সময়খিনিৰ সদব্যৱহাৰ কৰিছল প্রণৱে । নিজে ঘৰতে সাজি লোৱা টেবুলত আজৰি সময়ত দৈনিক অনুশীলন কৰিছিল প্রণৱে ।

চিকিমত যোৱা ১৬ ছেপ্টেম্বৰৰ পৰা ১৮ ছেপ্টেম্বৰলৈ অনুষ্ঠিত ৰষ্ট্ৰীয় পাঞ্জা প্রতিযোগিতাত অংশগ্ৰহণ কৰি , সোঁ— হাত আৰু বাওঁ হাত শাখাত অংশগ্ৰহণ কৰি দুটাকৈ পদক আজুৰি আনিবলৈ সক্ষম হয় প্রণৱ ৰয়ে ।

ভৱিষ্যতে ভাৰতক প্রতিনিধিত্ব কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ আশাৰে অনুশীলন কৰি যাব বুলি সাংবাদিকৰ আগত উল্লেখ কৰে প্রণৱে ।
প্রণৱৰ এই সফলতাই প্রণৱৰ ঘৰখনলৈয়ে নহয় সমগ্ৰ গাওঁখনতেই সৃষ্টি কৰিছে উৎসৱমুখৰ পৰিৱেশ ।

Comments (0)
Add Comment