দেশত গান্ধী পৰিয়ালে সৃষ্টি কৰিছে সনাতন বিৰোধী পৰিৱেশ : কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ৰাজস্থানত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ কাৰ্যসূচী তীব্ৰতৰ কৰি তুলিছে প্ৰতিটো ৰাজনৈতিক দলে। ৰাজ্যখনত বিজেপিৰ তাৰকা প্ৰচাৰকসকলৰ ভিতৰত আছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

বুধবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰচাৰ চলাবলৈ উপস্থিত হয় ৰাজস্থানৰ যোধপুৰত। এখন বিশাল জনসভাত অংশ লৈ তেওঁ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ তথা ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

মুখ্যমন্ত্ৰী শৰ্মাই ৰাজস্থান চৰকাৰে মূল্যবৃদ্ধি হ্ৰাস কৰাত ব্যৰ্থ হোৱাৰ লগতে মহিলাৰ সুৰক্ষাৰ ওপৰতো প্ৰশ্ন কৰে।

ৰাজস্থান চৰকাৰক চোকা ভাষাৰে সমালোচনা কৰাৰ লগতে গান্ধী পৰিয়ালে দেশত সনাতন বিৰোধী পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰী শৰ্মাই।

বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ সহযোগী দলসমূহৰ নেতাসকলে সনাতন ধৰ্ম সন্দৰ্ভত কৰা আপত্তিজনক মন্তব্যক লৈও হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক কটাক্ষ কৰে।

তেওঁ কয় যে ইণ্ডিয়া মিত্ৰজোঁটৰ নেতাসকলে সনাতন ধৰ্ম আৰু হিন্দুৰ বিৰুদ্ধে বাৰে বাৰে মন্তব্য কৰি আহিছে, কিন্তু এই সমগ্ৰ বিষয়ত কংগ্ৰেছ মৌন। ইয়াৰ অৰ্থ হৈছে ইয়াক তেওঁলোকৰ মৌন সমৰ্থন।

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে গান্ধী পৰিয়ালে দেশত সনাতন বিৰোধী পৰিৱেশৰ সৃষ্টি কৰিছে। মিত্ৰজোঁটৰ নেতাসকলে সনাতন হিন্দু ধৰ্ম নিঃশেষ কৰাৰ কথা কৈ আছে।

ৰাজস্থান বিধানসভা নিৰ্বাচনৰ বাবে ধাৰাবাহিকভাৱে প্ৰচাৰ কাৰ্যসূচীত ব্যস্ত থকা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইদৰে পুনৰ এবাৰ কংগ্ৰেছ আৰু তেওঁলোকৰ মিত্ৰজোঁটক চোকা সমালোচনাৰ লক্ষ্য কৰি লয়।

Comments (0)
Add Comment