উজনি অসমৰ মৰিয়নী-নাগালেণ্ড পথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ট্ৰাক আৰু যাত্ৰীবাহী টাটা চুম’ৰ মাজত হোৱা সংঘৰ্ষত যাত্ৰীবাহী টাটা চুম’ত থকা প্ৰায় ১০জন যাত্ৰী থিতাতে নিহত হোৱা বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিচয় জানিব পৰা হোৱা নাই।
দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে দুয়োখন বাহন পথৰ পৰা প্ৰায় ২০০ ফুট তলত পৰি যায়।
নিশাৰ পৰা হোৱা প্ৰৱল বৃষ্টিপাতৰ বাবেই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি আশংকা কৰা হৈছে।
নাগালেণ্ডৰ জোনোপোটৰ পৰা উশালৈ যোৱা পথত এই দুৰ্ঘটনাটো সংঘটিত হৈছে বুলি জানিব পৰা গৈছে।
ইফালে দুৰ্ঘটনাত পতিত হোৱা মালবাহী ট্ৰাকৰ চালক আৰু হেণ্ডিমেনৰ অৱস্থা অধিক সংকটজন বুলি খবৰ পোৱা গৈছে। ঘটনাস্থলত স্থানীয় লোক আৰু আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়।