৪৩ গৰাকী পাইলটৰ একেলগে পদত্যাগ; বন্ধ হোৱাৰ উপক্ৰম আকাছা এয়াৰ

শ্বেয়াৰ মাৰ্কেটৰ জৰিয়তে বিখ্যাত হোৱা ৰাকেশ ঝুনঝুনৱালাৰ কোম্পানী আকাছা এয়াৰৰ পৰা আহিছে এক ডাঙৰ খবৰ। মাত্ৰ এবছৰৰ ভিতৰতে কোম্পানীটো ব্যাপক সমস্যাত পৰিছে।

কোম্পানীটোৰ ৪৩ জন পাইলটে একেলগে পদত্যাগ কৰিছে, যাৰ বাবে দৈনিক ২৪খন বিমান বাতিল কৰিবলগীয়া হৈছে। বিষয়টো এতিয়া আদালতৰ বিচাৰাধীন।

জানিব পৰা অনুসৰি, আকাছাৰ পাইলটসকলে অন্য বিমান কোম্পানী বিশেষকৈ টাটা গ্ৰুপৰ এয়াৰ ইণ্ডিয়াৰ ফালে ঢাল খাইছে।

প্ৰকৃততে বিমান সংস্থাটোৱে নিজেই এই তথ্য দিল্লী উচ্চ ন্যায়ালয়ক প্ৰদান কিৰিছে। পাইলটসকলৰ পদত্যাগৰ বাবে কোম্পানীটো গভীৰ সংকটত পৰিছে আৰু বন্ধ হৈ যাব পাৰে বুলিও আশংকা কৰা হৈছে।

আকাছা এয়াৰলাইন্সৰ অধিবক্তাগৰাকীয়ে কোম্পানীটোৰ পৰা হঠাতে পদত্যাগ কৰা পাইলটসকলে নটিচ পিৰিয়ড অনুসৰণ নকৰাৰ অভিযোগ তুলি কয় যে পাইলটসকলৰ পদত্যাগৰ বাবে বিমান সংস্থাটো বিপদত পৰিছে।

উল্লেখ্য যে আকাছা এয়াৰে ২০২২ চনৰ আগষ্ট মাহত মুম্বাই আৰু আহমেদাবাদৰ মাজত প্ৰথমখন বাণিজ্যিক বিমান আৰম্ভ কৰিছিল যদিও বহু পাইলটৰ পদত্যাগৰ বাবে কোম্পানীটো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে।

কোম্পানীটোৱে আদালতত কয় যে বহু পাইলটৰ পদত্যাগৰ বাবে ছেপ্টেম্বৰ মাহত বৃহৎ সংখ্যক বিমান বাতিল কৰিবলগীয়া হৈছিল।

শেহতীয়াকৈ বিমান সংস্থাটোৰ বহু সংখ্যক পাইলটে চাকৰিৰ পৰা পদত্যাগ কৰাত বৃহৎ সংখ্যক বিমান সেৱা বাতিল কৰিবলগীয়া হৈছে।

Comments (0)
Add Comment