জোনবাইত ৰাতিপুৱালে । প্রজ্ঞান আৰু বিক্রমক টোপনিৰ পৰা জগাবলৈ ব্যস্ত ‘ইছৰো’। পুণৰ সাৰ পাবনে প্রজ্ঞান আৰু বিক্রমে ?

পুনৰ ৰাতিপুৱালে জোনবাইত । পুৱাৰ পোহৰত জোনবাই জিলিকি উঠাৰ পাছতেই ব্যস্ত হৈ উঠিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা অৰ্থাৎ ইছৰোৰ বিজ্ঞানী সকল। টোপনিত থকা লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্ৰজ্ঞানক জগাবলৈ চেষ্টা কৰিছে ইছৰোৰ বিজ্ঞানী সকলে । জোনবাইৰ বুকুলৈ আন্ধাৰ নামি অহাৰ পাছতেই লেণ্ডাৰ আৰু ৰ’ভাৰ যোৱা পোন্ধৰ দিনধৰি টোপনিত আছিল। 

জোনবাইৰ শিৱশক্তি পইণ্টত আন্ধাৰ আতৰি পুৱাৰ পোহৰ পৰাৰ লগে লগে ইছৰোৱে শ্লিপিংমুডত থকা লেণ্ডাৰ আৰু ৰোভাৰক পুনৰ সক্রিয় কৰিবলৈ চেষ্টা কৰিছে ।কাইলৈ অৰ্থাৎ ২২ ছেপ্টেম্বৰত, ইছৰোৱে লেণ্ডাৰ আৰু ৰোভাৰৰ সৈতে পুনৰ যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিব।

ইছৰোৰ এগৰাকী জ্যেষ্ঠ বিজ্ঞানীয়ে জানিবলৈ দিয়ামতে জোনবাইত পৰ্যাপ্ত সূৰ্যৰ পোহৰ উপলব্ধ হোৱাৰ পাছত গ্ৰাউণ্ড ষ্টেচনৰ পৰা ২২ ছেপ্টেম্বৰত লেণ্ডাৰ বিক্রম আৰু ৰোভাৰ মডিউল প্রজ্ঞান আৰু অন-বোৰ্ড সঁজুলিবোৰ পুনৰ জাগ্ৰত কৰাৰ চেষ্টা কৰিব ইছৰোৱে ।

https://pbs.twimg.com/media/F6dOLKHbkAAjfZy?format=jpg&name=small

ইছৰোৰ লগতে দেশৰ আন কেইবাগৰাকীও বিজ্ঞানীৰ মতে, চন্দ্ৰযান ৩ ৰ জড়িয়তে জোনবাইলৈ প্রেৰণ কৰা ৰভাৰ প্রজ্ঞান আৰু লেণ্ডাৰ বিক্রমক পুনৰুজ্জিৱিত কৰাটো হব অতিকৈ জটিল প্রক্রিয়া । লেণ্ডাৰ বিক্রম আৰু ৰ’ভাৰ প্রজ্ঞান সাৰ পোৱাৰ সম্ভাৱনা অতিকৈ কঠিন ।

আংশিক ভাবে নহয় যদি সম্পূৰ্ণ ক্ষমতাৰে লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্রজ্ঞান সাৰ পায়, তেনেহ’লে লেণ্ডাৰ আৰু ৰোভাৰে কমেও পৰৱৰ্তী ১৪ দিনৰ বাবে কাম কৰিব । এই সময়ছোৱাত বিক্রম আৰু প্রজ্ঞানে জোনবাইৰ বুকুৰ পৰা বহু তথ্য সংগ্ৰহ কৰিব পাৰিব ।

সৌৰশক্তি চালিত চন্দ্ৰযান-৩ ৰ বাবে যি কেইটা মডিউল প্রস্তুত কৰা হৈছিল এই আটাইকেইটা মডিউল কেৱল এটা চন্দ্ৰ দিনৰ বাবে সক্ৰিয় হৈ থকাকৈ নিৰ্মান কৰিছিল ইছৰোৱে। উল্লেখযোগ্য যে পৃথিৱীৰ ১৪ দিন জোনবাইৰ এদিনৰ সমান । জোনবাইত নিশা কাৰ্যকৰী হৈ থাকিব পৰাকৈ নিৰ্মাণ কৰা মহাকাশযানত সাধাৰণতে জাহাজত যি গৰম কৰাৰ পদ্ধতি থাকে তেনে পদ্ধতি ব্যৱহাৰ কৰা হয় । ৰাছিয়াই জোনবাইলৈ প্ৰেৰণ কৰা লুনা- ২৫ ত এনে পদ্ধতি ব্যৱহাৰ কৰা হৈছিল । অৱশ্যে ৰাছিয়াই শেহতীয়াকৈ জোনবাইলৈ প্ৰেৰণ কৰা মহাকাশ যান লুনা ২৫ চন্দ্ৰত অৱতৰণ কৰোৱাত ব্যৰ্থ হৈছিল ৰাছিয়া ।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো) চন্দ্ৰযান-৩ৰ জৰিয়তে যথেষ্ট সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । ২৯ আগষ্টত, ইছৰোৱে চন্দ্ৰযান-৩ ৰ জড়িয়তে লাভ কৰিছিল অতিকৈ গুৰুত্বপূৰ্ণ তথ্য । ইছৰোৰ তথ্য মতে, ৰভাৰ প্ৰজ্ঞানত নিয়োজিত এটা পেলোডে চন্দ্ৰৰ দক্ষিণ মেৰুত ছালফাৰ আৰু অক্সিজেনৰ উপস্থিতিও নিশ্চিত কৰিছে। লগতে হাইড্ৰজেনৰ সন্ধানো অব্যাহত ৰাখিছে ।

ইছৰোৱে প্রদান কৰা তথ্য মতে, চন্দ্ৰপৃষ্ঠত বহুতো উপাদানৰ উপস্থিতি ধৰা পৰে । জোনবাইৰ দক্ষিণ মেৰুত সফল ভাবে চন্দ্ৰযান ৩ ৰ ‘মৃদু অৱতৰণ’ কৰা ভাৰত বিশ্বৰ প্ৰথম খন দেশ আৰু জোনবাইত মহাকাশযান অৱতৰণ কৰোৱা বিশ্বৰ চতুৰ্থ খন দেশ হিচাপে পৰিগণিত হয়।

Comments (0)
Add Comment