উত্তৰ প্রদেশৰ সমাজবাদী পাৰ্টিৰ সাংসদ অধ্যাপক ৰামগোপাল যাদৱে বৃহস্পতিবাৰে চন্দ্ৰযান-৩ ৰ সফলতা সন্দৰ্ভত প্রকাশ কৰা মতামতে হাঁহিৰ খোৰাক জোগালে বহু সাংসদক ।
সাংসদ ৰামগোপাল যাদৱৰ মতে জোনবাইৰ বেয়া ছবিবোৰ গৱেষণাৰ বাবে ৰাখিব লাগে , সেই ছবিবোৰ জনসাধাৰণৰ বাবে মুকলি কৰিব নালাগে । চন্দ্ৰৰ বেয়া ছবিবোৰে বহুতৰে আন্তৰত আঘাত কৰিব পাৰে । পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰক সৌন্দৰ্যৰ প্রতীক হিচাপে গণ্য কৰা হয়।
চন্দ্ৰযানৰ সফল অৱতৰণ বিষয়ক আলোচনাত অংশগ্ৰহণ কৰি যাদৱে চন্দ্ৰৰ বেয়া ছবিবোৰক লৈ যথেষ্ট উদ্বেগ প্রকাশ কৰে । চন্দ্ৰৰ সৌন্দৰ্যৰ বাবে আমাৰ বহু পুৰুষ মহিলাৰ নাম চন্দ্ৰৰ নামেৰে ৰখা হয় । সেয়েহে বহু মহিলাৰ নাম শশীপ্রভা বা চন্দ্ৰপ্ৰভা সেইদৰে বহু পুৰুষৰ নাম মাণিক চন্দ্ৰ, সুভাষ চন্দ্ৰ ইত্যাদি ।
ৰাজ্যসভাত হোৱা আলোচনাৰ পূৰ্বে দেশৰ উপৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখেৰে সদনত ৰামগোপাল যাদৱৰ পৰিৱৰ্তে ৰামগোপাল বাৰ্মা বুলি পৰিচয় কৰাই দিয়া কাৰ্যই হাঁহিৰ খোৰাক জগাই সাংসদ সকলক।
ভাৰতীয় সাংসদৰ এয়াই প্ৰথম অদ্ভুত মন্তব্য নহয় , ইয়াৰ পূৰ্বেও বহু কেইগৰাকী সাংসদে বিভিন্ন বিষয়ত অদ্ভুত মন্তব্য প্রকাশ কৰিছিল ।