চীনৰ হাংঝোত চলি থকা এছিয়ান গেমছৰ মহিলা ক্ৰিকেটৰ কোৱাৰ্টাৰ ফাইনেল মেচত ভাৰতৰ শ্বেফালী বাৰ্মাই ৩১টা বলত বিস্ফোৰক অৰ্ধশতকীয় ইনিংছ খেলি কেইবাটাও অভিলেখ গঢ়ে।
শ্বেফালীয়ে ৪টা চাৰি আৰু ৫টা ছয়েৰে ৪৫টা বলত ৬৭ ৰানৰ ইনিংছ খেলে। ইয়াৰ লগে লগে এছিয়ান গেমছত ভাৰতৰ হৈ অৰ্ধশতক অৰ্জন কৰা প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰত পৰিণত হয়।
কেৱল এয়াই নহয় শ্বেফালীয়ে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৫০টা ছয় কোবোৱা আটাইতকৈ কম বয়সীয়া ক্ৰিকেটাৰ হোৱাৰো কৃতিত্ব অৰ্জন কৰে।
উল্লেখ্য যে, বৰ্তমান শ্বেফালী বাৰ্মাৰ বয়স মাত্ৰ ১৯ বছৰ আৰু তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত যিধৰণে প্ৰদৰ্শন আগবঢ়াই আছে সেয়া প্ৰশংসাৰ পাত্ৰ।
শ্বেফালীয়ে ক্ৰীজত প্ৰৱেশ কৰিয়েই বিপক্ষৰ বলাৰৰ ওপৰত আক্ৰমণ আৰম্ভ কৰি দিয়ে।
শ্বেফালীৰ কাৰণেই বৰষুণে বিধি পথালি দিয়া আজিৰ মেচখনত ভাৰতীয় মহিলা দলটোৱে ১৫ অভাৰত ২ উইকেটত ১৭৩ ৰান সংগ্ৰহ কৰে। মেচখনত মালয়েছিয়াই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়।
বৰষুণৰ বাবে আজিৰ মেচখনৰ ফলাফল নোলাল যদিও ৰেংকিঙৰ শীৰ্ষত থকা বাবে ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰে।