চীনে অৰুণাচলৰ খেলুৱৈক এছিয়ান গেমছত অংশ ল’বলৈ নিদিয়া সিদ্ধান্তৰ পাছতে ভাৰতে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। চীনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে এছিয়ান গেমছ ভ্ৰমণ বাতিল কৰাৰ সিদ্ধান্ত লৈছে।
আজি চৰকাৰে এই সন্দৰ্ভত বিবৃতিত কয়, ‘ভাৰত চৰকাৰে জানিব পাৰিছে যে চীন কৰ্তৃপক্ষই চীনৰ হাংঝোত অনুষ্ঠিত হ’বলগীয়া ১৯ সংখ্যক এছিয়ান গেমছত অৰুণাচল প্ৰদেশৰ একাংশ ভাৰতীয় খেলুৱৈক স্বীকৃতি আৰু অংশগ্ৰহণৰ পৰা বঞ্চিত কৰি খেলুৱৈসকলৰ লগত বৈষম্য কৰা হৈছে।‘
ইফালে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয়, ‘ভাৰতীয় নাগৰিকৰ লগত কৰা বৈষম্যমূলক ব্যৱহাৰক কঠোৰভাষাৰে গৰিহনা দিছো। অৰুণাচল প্ৰদেশ ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল, আছে আৰু সদায় থাকিব।‘
বাগচিয়ে লগতে কয় যে চীনে ইচ্ছাকৃতভাৱে আৰু নিৰ্বাচিতভাৱে ভাৰতীয় খেলুৱৈসকলক নিষেধাজ্ঞা আৰোপ কৰাক লৈ চৰকাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে কাৰণ এই কাৰ্য্যই এছিয়ান গেমছৰ মনোভাৱ আৰু তেওঁলোকৰ আচৰণ নিয়ন্ত্ৰণ কৰা নিয়ম উলংঘা কৰিছে।
উল্লেখ্য যে, এইবাৰ অৰুণাচল প্ৰদেশৰ তিনিগৰাকী খেলুৱৈয়ে এছিয়ান গেমছত অংশ লোৱাৰ কথা আছিল। কিন্তু চীনে এই মহিলা খেলুৱৈসকলক ভিছা দিবলৈ অস্বীকাৰ কৰিছে। এই আটাইকেইজন খেলুৱৈ ভাৰতীয় উশ্বু দলৰ অংশ আছিল।
মহিলা খেলুৱৈ কেইগৰাকীৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণৰ বিৰুদ্ধে ভাৰতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।